Isaiah 14:32 in Assamese 32 তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োলক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্ৰয়স্থান বিচাৰি দিব।
Other Translations King James Version (KJV) What shall one then answer the messengers of the nation? That the LORD hath founded Zion, and the poor of his people shall trust in it.
American Standard Version (ASV) What then shall one answer the messengers of the nation? That Jehovah hath founded Zion, and in her shall the afflicted of his people take refuge.
Bible in Basic English (BBE) What answer, then, will my people give to the representatives of the nation? That the Lord is the builder of Zion, and she will be a safe place for the poor of his people.
Darby English Bible (DBY) And what shall be answered to the messengers of the nation? That Jehovah hath founded Zion, and the afflicted of his people find refuge in it.
World English Bible (WEB) What then shall one answer the messengers of the nation? That Yahweh has founded Zion, and in her shall the afflicted of his people take refuge.
Young's Literal Translation (YLT) And what doth one answer the messengers of a nation? `That Jehovah hath founded Zion, And in it do the poor of His people trust!'
Cross Reference 2 Samuel 8:10 in Assamese 10 তেতিয়া যুদ্ধত হদ্দেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ূদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
2 Kings 20:12 in Assamese 12 সেই সময়ত বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰোদকবলদানে ৰজা হিষ্কিয়াৰ অসুখৰ খবৰ পালে। সেয়ে তেওঁ হিষ্কিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে।
Psalm 87:1 in Assamese 1 যিহোৱাই পবিত্ৰ পৰ্ব্বতশ্রেণীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
Psalm 87:5 in Assamese 5 এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
Psalm 102:16 in Assamese 16 কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মান কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
Psalm 102:28 in Assamese 28 তোমাৰ দাসসকলৰ সন্তানসকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 4:6 in Assamese 6 এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰন হ’ব।
Isaiah 11:4 in Assamese 4 তাৰপৰিৱৰ্তে তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীৱিক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
Isaiah 12:6 in Assamese 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চ স্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মাজত মহান।”
Isaiah 25:4 in Assamese 4 কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
Isaiah 28:16 in Assamese 16 এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
Isaiah 37:9 in Assamese 9 তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে।
Isaiah 37:32 in Assamese 32 কাৰণ যিৰোচালেমৰ পৰা অবশিষ্ট লোক আৰু চিয়োন পৰ্ব্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব; বাহিনীসকলৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।
Isaiah 39:1 in Assamese 1 সেই সময়ত বলদানৰ পুত্ৰ মৰোদক-বলদান নামেৰে বাবিলৰ ৰজাই হিষ্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে; কাৰণ তেওঁ শুনিছিল যে, হিষ্কিয়া নৰিয়া পৰি সুস্থ হৈছিল।
Isaiah 44:28 in Assamese 28 যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ ভেড়াৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”
Isaiah 54:11 in Assamese 11 হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ , আৰু নীলকান্ত মনিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
Zephaniah 3:12 in Assamese 12 কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
Zechariah 11:7 in Assamese 7 তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই ভেড়াৰ-জাকবোৰৰ ৰখীয়া মই হ’লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম “দয়া” আৰু আনডালৰ নাম “একতা” ৰাখিলোঁ। এইদৰে মই ভেড়া-জাকটো চৰাবলৈ ধৰিলোঁ।
Zechariah 11:11 in Assamese 11 সেইদিনা সেই নিয়মটি ভঙা হ’ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!
Matthew 16:18 in Assamese 18 ময়ো তোমাক কওঁ, ‘তুমি পিতৰ অৰ্থাৎ শিল, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব’।
Matthew 24:15 in Assamese 15 এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া অসাৰ বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে যি জনে পঢ়ে, তেওঁ বুজক৷
Hebrews 12:22 in Assamese 22 কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?