Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Other Translations King James Version (KJV) I will send him against an hypocritical nation, and against the people of my wrath will I give him a charge, to take the spoil, and to take the prey, and to tread them down like the mire of the streets.
American Standard Version (ASV) I will send him against a profane nation, and against the people of my wrath will I give him a charge, to take the spoil, and to take the prey, and to tread them down like the mire of the streets.
Bible in Basic English (BBE) I will send him against a nation of wrongdoers, and against the people of my wrath I will give him orders, to take their wealth in war, crushing them down like the dust in the streets.
Darby English Bible (DBY) I will send him against a hypocritical nation, and against the people of my wrath will I give him a charge; to take the spoil, and to seize the prey, and to tread them down like the mire of the streets.
World English Bible (WEB) I will send him against a profane nation, and against the people of my wrath will I give him a charge, to take the spoil, and to take the prey, and to tread them down like the mire of the streets.
Young's Literal Translation (YLT) Against a profane nation I send him, And concerning a people of My wrath I charge him, To spoil spoil, and to seize prey, And to make it a treading-place as the clay of out places.
Cross Reference 2 Samuel 22:43 in Assamese 43 তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
Isaiah 5:29 in Assamese 29 তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুঁজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুঁজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 9:19 in Assamese 19 বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব।
Isaiah 10:13 in Assamese 13 কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
Isaiah 19:17 in Assamese 17 যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
Isaiah 22:5 in Assamese 5 কিয়নো বাহিনীসকলৰ প্রভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।
Isaiah 29:13 in Assamese 13 যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Isaiah 30:9 in Assamese 9 কিয়নো এওঁলোক বিদ্ৰোহী, আৰু মিছলীয়া সন্তান, এওঁলোক যিহোৱাৰ শিক্ষা নুশুনা সন্তান।
Isaiah 33:14 in Assamese 14 চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মী জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
Isaiah 37:26 in Assamese 26 বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
Isaiah 41:25 in Assamese 25 মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।
Isaiah 45:1 in Assamese 1 যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
Isaiah 63:3 in Assamese 3 মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনা এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
Isaiah 63:6 in Assamese 6 মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ, আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।
Jeremiah 3:10 in Assamese 10 ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
Jeremiah 4:14 in Assamese 14 হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 34:22 in Assamese 22 চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
Jeremiah 47:6 in Assamese 6 হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
Micah 7:10 in Assamese 10 তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।
Zechariah 10:5 in Assamese 5 তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
Matthew 15:7 in Assamese 7 আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাৱবাণী কৰিলে,