Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Other Translations King James Version (KJV) Thy princes are rebellious, and companions of thieves: every one loveth gifts, and followeth after rewards: they judge not the fatherless, neither doth the cause of the widow come unto them.
American Standard Version (ASV) Thy princes are rebellious, and companions of thieves; every one loveth bribes, and followeth after rewards: they judge not the fatherless, neither doth the cause of the widow come unto them.
Bible in Basic English (BBE) Your chiefs have gone against the Lord, they have become friends of thieves; every one of them is looking for profit and going after rewards; they do not give right decisions for the child who has no father, and they do not let the cause of the widow come before them.
Darby English Bible (DBY) thy princes are rebellious, and companions of thieves; every one loveth presents, and hunteth after rewards; they judge not the fatherless, and the cause of the widow cometh not unto them.
World English Bible (WEB) Your princes are rebellious, and companions of thieves. Everyone loves bribes, and follows after rewards. They don't judge the fatherless, Neither does the cause of the widow come to them.
Young's Literal Translation (YLT) Thy princes `are' apostates, and companions of thieves, Every one loving a bribe, and pursuing rewards, The fatherless they judge not, And the plea of the widow cometh not to them.
Cross Reference Exodus 23:8 in Assamese 8 তোমালোকে ভেঁটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্ম্মিক সকলৰ কথা বিপথগামী কৰে।
Deuteronomy 16:19 in Assamese 19 আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই।
2 Chronicles 24:17 in Assamese 17 যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।
2 Chronicles 36:14 in Assamese 14 বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্য-লঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
Proverbs 17:23 in Assamese 23 ন্যয়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।
Proverbs 29:24 in Assamese 24 যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়।
Isaiah 3:14 in Assamese 14 যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
Isaiah 10:1 in Assamese 1 অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
Isaiah 33:15 in Assamese 15 যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
Jeremiah 5:5 in Assamese 5 মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
Jeremiah 5:28 in Assamese 28 তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিক্চিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্ম্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
Jeremiah 22:17 in Assamese 17 কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
Ezekiel 22:6 in Assamese 6 চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
Daniel 9:5 in Assamese 5 আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
Hosea 4:18 in Assamese 18 যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
Hosea 7:3 in Assamese 3 তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
Hosea 9:15 in Assamese 15 যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল; সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম; মই তেওঁলোকক পুনৰায় প্রেম নকৰিম; তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Micah 7:3 in Assamese 3 অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্ত্তাই ধন খোজে, বিচাৰকৰ্ত্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
Zechariah 7:10 in Assamese 10 আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Matthew 21:13 in Assamese 13 যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ গৃহ প্ৰাৰ্থনাৰ গৃহ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
Mark 11:17 in Assamese 17 তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘মোৰ গৃহক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ গৃহ কোৱা হ’ব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা’।”
Luke 18:2 in Assamese 2 “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।
Luke 19:46 in Assamese 46 সিহঁতক ক’লে, “লিখা আছে, ‘মোৰ গৃহ প্ৰাৰ্থনাৰ গৃহ হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”
Acts 4:5 in Assamese 5 পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।