Hosea 9:10 in Assamese 10 যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালো; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্ব্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।
Other Translations King James Version (KJV) I found Israel like grapes in the wilderness; I saw your fathers as the firstripe in the fig tree at her first time: but they went to Baalpeor, and separated themselves unto that shame; and their abominations were according as they loved.
American Standard Version (ASV) I found Israel like grapes in the wilderness; I saw your fathers as the first-ripe in the fig-tree at its first season: but they came to Baal-peor, and consecrated themselves unto the shameful thing, and became abominable like that which they loved.
Bible in Basic English (BBE) I made discovery of Israel as of grapes in the waste land; I saw your fathers as the first-fruits of the fig-tree in her early fruit time; but they came to Baal-peor, and made themselves holy to the thing of shame, and became disgusting like that to which they gave their love.
Darby English Bible (DBY) I found Israel as grapes in the wilderness; as first-ripe fruit on the fig-tree, I saw your fathers at the beginning: they went to Baal-Peor, and separated themselves unto that shame, and became abominations like their lover.
World English Bible (WEB) I found Israel like grapes in the wilderness. I saw your fathers as the first ripe in the fig tree at its first season; But they came to Baal Peor, and consecrated themselves to the shameful thing, And became abominable like that which they loved.
Young's Literal Translation (YLT) As grapes in a wilderness I found Israel, As the first-fruit in a fig-tree, at its beginning, I have seen your fathers, They -- they have gone in `to' Baal-Peor, And are separated to a shameful thing, And are become abominable like their love.
Cross Reference Exodus 19:4 in Assamese 4 মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
Numbers 13:23 in Assamese 23 পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষলতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
Numbers 15:39 in Assamese 39 তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
Numbers 25:1 in Assamese 1 পাছত ইস্ৰায়েলে চিটীমত বাস কৰিল আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
Deuteronomy 4:3 in Assamese 3 আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
Deuteronomy 32:10 in Assamese 10 তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
Deuteronomy 32:17 in Assamese 17 ভুতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল , যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
Judges 6:32 in Assamese 32 এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰূব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
1 Kings 16:31 in Assamese 31 নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চিদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
Psalm 81:12 in Assamese 12 সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলো, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
Psalm 106:28 in Assamese 28 পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল; মৃত লোকসকলৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
Isaiah 28:4 in Assamese 4 ঘামকালৰ পূৰ্ব্বে হোৱা প্ৰথমে পকা যি ডিমৰু গুটিক লোকে দেখামাত্ৰে চকু দিয়ে, আৰু হাতত পৰিলে গিলি পেলায়, উৰ্ব্বৰা উপত্যকাত মুৰত থকা সুন্দৰ ভূষণস্বৰূপ তাৰ জয় পৰা ফুলটি, সেই গুটিৰ দৰে হ’ব।
Jeremiah 2:2 in Assamese 2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
Jeremiah 5:31 in Assamese 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Jeremiah 11:13 in Assamese 13 কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
Jeremiah 31:2 in Assamese 2 যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
Ezekiel 20:8 in Assamese 8 কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Hosea 2:15 in Assamese 15 মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰিব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত প্রকাশ কৰিছিল।
Hosea 4:14 in Assamese 14 তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
Hosea 11:1 in Assamese 1 ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্রেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
Amos 4:5 in Assamese 5 তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোকসমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে।
Micah 7:1 in Assamese 1 মোৰ সন্তাপ হ’ল! কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছো।
Romans 6:21 in Assamese 21 তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।