Hosea 8:14 in Assamese 14 ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তাক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।
Other Translations King James Version (KJV) For Israel hath forgotten his Maker, and buildeth temples; and Judah hath multiplied fenced cities: but I will send a fire upon his cities, and it shall devour the palaces thereof.
American Standard Version (ASV) For Israel hath forgotten his Maker, and builded palaces; and Judah hath multiplied fortified cities: but I will send a fire upon his cities, and it shall devour the castles thereof.
Bible in Basic English (BBE) For Israel has no memory of his Maker, and has put up the houses of kings; and Judah has made great the number of his walled towns. But I will send a fire on his towns and put an end to his great houses.
Darby English Bible (DBY) For Israel hath forgotten his Maker, and buildeth temples; and Judah hath multiplied fenced cities: but I will send a fire upon his cities, and it shall devour the palaces thereof.
World English Bible (WEB) For Israel has forgotten his Maker and built palaces; And Judah has multiplied fortified cities; But I will send a fire on his cities, And it will devour its fortresses."
Young's Literal Translation (YLT) And forget doth Israel his Maker, and buildeth temples, And Judah hath multiplied cities of defence, And I have sent a fire into his cities, And it hath consumed their palaces!
Cross Reference Deuteronomy 32:18 in Assamese 18 যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
1 Kings 12:31 in Assamese 31 যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
1 Kings 16:31 in Assamese 31 নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চিদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
2 Kings 18:13 in Assamese 13 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।
2 Chronicles 26:10 in Assamese 10 তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম্ম ভাল পাইছিল।
2 Chronicles 27:4 in Assamese 4 আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।
Psalm 106:21 in Assamese 21 তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল, যি জনাই মিচৰত অনেক মহৎ কাৰ্য্য কৰিছিল;
Isaiah 17:10 in Assamese 10 কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুঁলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
Isaiah 22:8 in Assamese 8 তেওঁ যিহূদাৰ সুৰক্ষা আঁতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;
Isaiah 29:23 in Assamese 23 কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তানসকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব; এনে কি, তেওঁলোকে যাকোবৰ পবিত্ৰ জনাক পবিত্ৰ বুলি মানিব, আৰু ইস্ৰায়েলৰ ঈশ্বৰক ভয় কৰিব।
Isaiah 42:13 in Assamese 13 যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব।
Isaiah 42:25 in Assamese 25 সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে; তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে।
Isaiah 43:21 in Assamese 21 এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
Jeremiah 2:32 in Assamese 32 যুৱতিয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
Jeremiah 3:21 in Assamese 21 “গছশূল্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তানসকলৰ কান্দোন আৰু কাকোতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
Jeremiah 17:27 in Assamese 27 কিন্তু যদি তোমালোকে বিশ্ৰাম-দিন পৱিত্ৰ কৰিবলৈ আৰু বিশ্ৰাম-বাৰে বোজা বৈ যিৰূচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্রজ্বলিত কৰিম, সেয়ে যিৰূচালেমৰ অট্ৰালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব’।”
Jeremiah 23:27 in Assamese 27 তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
Hosea 2:13 in Assamese 13 তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ (মহিলাসকলে নাকত পিন্ধা অলঙ্কাৰ) আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
Hosea 13:6 in Assamese 6 মই তোমাৰ লোকসকলক খুউৱাৰ পাছত তেওঁলোক তৃপ্ত হ’ল, তৃপ্ত হৈ তেওঁলোক অহংকাৰী হ’ল; সেয়ে তেওঁলোকে মোক পাহৰিলে।
Amos 1:4 in Assamese 4 সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিনহদদৰ দুর্গবোৰ গ্ৰাস কৰিব।
Amos 1:10 in Assamese 10 সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।”
Amos 1:12 in Assamese 12 সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”
Amos 1:14 in Assamese 14 সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।
Amos 2:5 in Assamese 5 সেইবাবে মই যিহূদাৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম আৰু সেয়ে যিৰূচালেমৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
Ephesians 2:10 in Assamese 10 কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; ঈশ্বৰে আমাৰ কাৰণে আগেয়ে যি পৰিকল্পনা কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।