Hosea 7:16 in Assamese 16 তেওঁলোকে ঘূৰিছে, কিন্তু অতি উর্দ্ধত থকা মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।
Other Translations King James Version (KJV) They return, but not to the most High: they are like a deceitful bow: their princes shall fall by the sword for the rage of their tongue: this shall be their derision in the land of Egypt.
American Standard Version (ASV) They return, but not to `him that is' on high; they are like a deceitful bow; their princes shall fall by the sword for the rage of their tongue: this shall be their derision in the land of Egypt.
Bible in Basic English (BBE) They have gone to what is of no value; they are like a false bow; their captains will come to destruction by the sword, and their ruler by my wrath; for this, the land of Egypt will make sport of them.
Darby English Bible (DBY) They return, [but] not to the [Most] High: they are like a deceitful bow. Their princes shall fall by the sword for the rage of their tongue: this shall be their derision in the land of Egypt.
World English Bible (WEB) They return, but not to the Most High. They are like a faulty bow. Their princes will fall by the sword for the rage of their tongue. This will be their derision in the land of Egypt.
Young's Literal Translation (YLT) They turn back -- not to the Most High, They have been as a deceitful bow, Fall by sword do their princes, From the insolence of their tongue, This `is' their derision in the land of Egypt!
Cross Reference Psalm 12:4 in Assamese 4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্রভু হ’ব?”
Psalm 52:2 in Assamese 2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
Psalm 57:4 in Assamese 4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।
Psalm 73:9 in Assamese 9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
Psalm 78:37 in Assamese 37 তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
Psalm 78:57 in Assamese 57 তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
Isaiah 3:8 in Assamese 8 কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
Jeremiah 3:10 in Assamese 10 ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Ezekiel 23:32 in Assamese 32 প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!
Ezekiel 36:20 in Assamese 20 তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
Hosea 6:4 in Assamese 4 হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলিৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
Hosea 7:13 in Assamese 13 তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
Hosea 8:13 in Assamese 13 যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰো। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।
Hosea 9:3 in Assamese 3 তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব, আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব।
Hosea 9:6 in Assamese 6 তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব।
Hosea 11:7 in Assamese 7 মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
Matthew 12:36 in Assamese 36 কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
Luke 8:13 in Assamese 13 আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।
Luke 11:24 in Assamese 24 যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে, সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, সেই ঘৰলৈকে উভতি যাম’।
James 3:5 in Assamese 5 সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰক, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
2 Peter 2:8 in Assamese 8 সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
Revelation 13:5 in Assamese 5 সেই পশুক বৰ বৰ কথা ক’বলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ’ল৷ বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক অধিকাৰ দিয়া হ’ল।