Hosea 4:2 in Assamese 2 কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
Other Translations King James Version (KJV) By swearing, and lying, and killing, and stealing, and committing adultery, they break out, and blood toucheth blood.
American Standard Version (ASV) There is nought but swearing and breaking faith, and killing, and stealing, and committing adultery; they break out, and blood toucheth blood.
Bible in Basic English (BBE) There is cursing and broken faith, violent death and attacks on property, men are untrue in married life, houses are broken into, and there is blood touching blood.
Darby English Bible (DBY) Swearing, and lying, and killing, and stealing, and committing adultery, -- they break out; and blood toucheth blood.
World English Bible (WEB) There is cursing, lying, murder, stealing, and committing adultery; They break boundaries, and bloodshed causes bloodshed.
Young's Literal Translation (YLT) Swearing, and lying, and murdering, And stealing, and committing adultery -- have increased, And blood against blood hath touched.
Cross Reference Isaiah 24:5 in Assamese 5 পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
Isaiah 48:1 in Assamese 1 হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমোহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
Isaiah 59:2 in Assamese 2 কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
Isaiah 59:12 in Assamese 12 কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
Jeremiah 5:1 in Assamese 1 “তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা, ন্যায় কাৰ্য্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা, তেন্তে মই লগৰখনক ক্ষমা কৰিম।
Jeremiah 5:7 in Assamese 7 ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তানসকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।
Jeremiah 5:26 in Assamese 26 কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।
Jeremiah 6:7 in Assamese 7 যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
Jeremiah 7:6 in Assamese 6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
Jeremiah 9:2 in Assamese 2 অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাস-ঘাতক লোকৰ সমাজ।
Jeremiah 23:10 in Assamese 10 কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
Lamentations 4:13 in Assamese 13 সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্ম্মিকসকলৰ ৰক্তপাত কৰিছিল।
Ezekiel 22:2 in Assamese 2 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
Ezekiel 22:25 in Assamese 25 তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
Hosea 5:2 in Assamese 2 বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, মই তেওঁলোকৰ সকলোকে শাস্তি দিম।
Hosea 6:9 in Assamese 9 ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য্য কৰে।
Hosea 7:1 in Assamese 1 যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
Hosea 7:3 in Assamese 3 তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
Hosea 10:4 in Assamese 4 তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
Hosea 12:14 in Assamese 14 কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:2 in Assamese 2 তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
Micah 3:9 in Assamese 9 সকলো সৎ কাৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মুখ্যলোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
Micah 6:10 in Assamese 10 দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।
Micah 7:2 in Assamese 2 পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
Zephaniah 3:1 in Assamese 1 ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
Zechariah 5:3 in Assamese 3 তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Matthew 23:35 in Assamese 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
Acts 7:52 in Assamese 52 এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
1 Thessalonians 2:15 in Assamese 15 ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে, কিন্তু তেওঁলোক সকলোৰে বিপক্ষত থাকে।
Revelation 17:6 in Assamese 6 সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।