Hosea 2:3 in Assamese 3 সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
Other Translations King James Version (KJV) Lest I strip her naked, and set her as in the day that she was born, and make her as a wilderness, and set her like a dry land, and slay her with thirst.
American Standard Version (ASV) lest I strip her naked, and set her as in the day that she was born, and make her as a wilderness, and set her like a dry land, and slay her with thirst.
Bible in Basic English (BBE) For fear that I may take away her robe from her, making her uncovered as in the day of her birth; making her like a waste place and a dry land, causing her death through need of water.
Darby English Bible (DBY) lest I strip her naked, and set her as in the day that she was born, and make her as a wilderness, and set her as a dry land, and slay her with thirst.
World English Bible (WEB) Lest I strip her naked, And make her bare as in the day that she was born, And make her like a wilderness, And set her like a dry land, And kill her with thirst.
Young's Literal Translation (YLT) Lest I strip her naked. And have set her up as `in' the day of her birth, And have made her as a wilderness, And have set her as a dry land, And have put her to death with thirst.
Cross Reference Exodus 17:3 in Assamese 3 লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?
Judges 15:18 in Assamese 18 পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
Isaiah 32:13 in Assamese 13 মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আন্দত থকা ঘৰবোৰৰ বাৰীত, কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব।
Isaiah 33:9 in Assamese 9 দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানো বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
Isaiah 47:3 in Assamese 3 তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
Isaiah 64:10 in Assamese 10 তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিছে; চিয়োন অৰণ্য হৈ গ’ল; যিৰূচালেম ধ্বংসস্থান হ’ল।
Jeremiah 2:6 in Assamese 6 তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
Jeremiah 2:31 in Assamese 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Jeremiah 4:26 in Assamese 26 মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভুমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
Jeremiah 12:10 in Assamese 10 অনেক ভেড়া-ৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
Jeremiah 13:22 in Assamese 22 তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?” তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
Jeremiah 13:26 in Assamese 26 সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
Jeremiah 17:6 in Assamese 6 কিয়নো তেওঁ অৰণ্যত থকা জাঁও গছৰ দৰে হ’ব, আৰু মঙ্গল আহিলে তেওঁ গম নাপাব। কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী-শূন্য লোণা দেশত থাকিব।
Jeremiah 22:6 in Assamese 6 কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে: ‘তুমি মোৰ বিবেচনাত গিলিয়দ আৰু লিবানোনৰ ওখ ভাগৰ দৰে হলেও, নিশ্চয়ে মই তোমাক মৰুভূমিত, আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম।
Jeremiah 51:43 in Assamese 43 তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল।
Ezekiel 16:4 in Assamese 4 তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল।
Ezekiel 16:22 in Assamese 22 তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যত আৰু বেশ্যাকৰ্ম্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।
Ezekiel 16:37 in Assamese 37 চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।
Ezekiel 19:13 in Assamese 13 এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।
Ezekiel 20:35 in Assamese 35 মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
Ezekiel 23:26 in Assamese 26 তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
Hosea 2:10 in Assamese 10 মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব ।
Amos 8:11 in Assamese 11 প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব ।
Revelation 17:16 in Assamese 16 তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।