Hosea 13:13 in Assamese 13 নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।
Other Translations King James Version (KJV) The sorrows of a travailing woman shall come upon him: he is an unwise son; for he should not stay long in the place of the breaking forth of children.
American Standard Version (ASV) The sorrows of a travailing woman shall come upon him: he is an unwise son; for it is time he should not tarry in the place of the breaking forth of children.
Bible in Basic English (BBE) The pains of a woman in childbirth will come on him: he is an unwise son, for at this time it is not right for him to keep his place when children come to birth.
Darby English Bible (DBY) The pangs of a woman in travail shall come upon him: he is a son not wise; for at the time of the breaking forth of children, he was not there.
World English Bible (WEB) The sorrows of a travailing woman will come on him. He is an unwise son; For when it is time, he doesn't come to the opening of the womb.
Young's Literal Translation (YLT) Pangs of a travailing woman come to him, He `is' a son not wise, For he remaineth not the time for the breaking forth of sons.
Cross Reference 2 Kings 19:3 in Assamese 3 তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
Psalm 48:6 in Assamese 6 সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
Proverbs 22:3 in Assamese 3 দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
Isaiah 13:8 in Assamese 8 প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব।
Isaiah 21:3 in Assamese 3 এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলো তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
Isaiah 26:17 in Assamese 17 গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ।
Isaiah 37:3 in Assamese 3 তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।
Isaiah 66:9 in Assamese 9 যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
Jeremiah 4:31 in Assamese 31 কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালো যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
Jeremiah 13:21 in Assamese 21 তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব? তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে?
Jeremiah 22:23 in Assamese 23 এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী, তেতিয়া যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব, তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হবা।”
Jeremiah 30:6 in Assamese 6 এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ-বেদনা হয় নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ? আৰু প্ৰসৱকাৰিণী স্ত্রীৰ দৰে সকলোৰে মুখ কিয় বিবৰ্ণ হৈছে?
Jeremiah 49:24 in Assamese 24 দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
Micah 4:9 in Assamese 9 এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? প্ৰসৱ কৰা মহিলাৰ দৰে, তোমালোকৰ যে আকস্মিক বেদনা হৈছে; তোমালোকৰ মাজত কোনো ৰজা নাই নে? আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ’ল নে?
Acts 16:29 in Assamese 29 তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
Acts 24:25 in Assamese 25 তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
2 Corinthians 6:2 in Assamese 2 কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাক মনযোগ দিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্ৰাণৰ দিন৷
1 Thessalonians 5:3 in Assamese 3 যেতিয়া লোক সকলে ‘শান্তি আৰু নিৰাপত্তা’ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
Hebrews 3:7 in Assamese 7 এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,