Hosea 10:12 in Assamese 12 তোমালোকে নিজৰ কাৰণে ধাৰ্ম্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি বৰষাব।
Other Translations King James Version (KJV) Sow to yourselves in righteousness, reap in mercy; break up your fallow ground: for it is time to seek the LORD, till he come and rain righteousness upon you.
American Standard Version (ASV) Sow to yourselves in righteousness, reap according to kindness; break up your fallow ground; for it is time to seek Jehovah, till he come and rain righteousness upon you.
Bible in Basic English (BBE) Put in the seed of righteousness, get in your grain in mercy, let your unploughed earth be turned up: for it is time to make search for the Lord, till he comes and sends righteousness on you like rain.
Darby English Bible (DBY) Sow to yourselves in righteousness, reap according to mercy; break up your fallow ground: for it is time to seek Jehovah, till he come and rain righteousness upon you.
World English Bible (WEB) Sow to yourselves in righteousness, Reap according to kindness. Break up your fallow ground; For it is time to seek Yahweh, Until he comes and rains righteousness on you.
Young's Literal Translation (YLT) Sow for yourselves in righteousness, Reap according to loving-kindness, Till for yourselves tillage of knowledge, To seek Jehovah, Till he come and shew righteousness to you.
Cross Reference Psalm 72:6 in Assamese 6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেও তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
Psalm 105:4 in Assamese 4 তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচৰা।
Psalm 126:5 in Assamese 5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দধ্বনিৰে দাব।
Proverbs 11:18 in Assamese 18 দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
Proverbs 18:21 in Assamese 21 জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
Ecclesiastes 11:6 in Assamese 6 ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
Isaiah 5:6 in Assamese 6 মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
Isaiah 30:23 in Assamese 23 তোমালোকে যেতিয়া মাটিত গুটি সিচিবা,তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।
Isaiah 31:1 in Assamese 1 যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত (কাৰণ সেই বোৰ অধিক)আৰু অশ্বাৰোহীত ভাৰসা কৰে(কাৰণ সেয়া অসংখ্য) ।কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
Isaiah 32:20 in Assamese 20 জলসমূহৰ কাষত বীজ সিচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।
Isaiah 44:3 in Assamese 3 কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
Isaiah 45:8 in Assamese 8 হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Jeremiah 4:3 in Assamese 3 সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
Jeremiah 29:12 in Assamese 12 আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Jeremiah 50:4 in Assamese 4 যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানবিলাক আৰু যিহূদাৰ সন্তানবিলাক একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
Ezekiel 34:26 in Assamese 26 আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
Hosea 6:3 in Assamese 3 আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; পুৱাৰ সূর্য্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
Hosea 8:7 in Assamese 7 তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।
Hosea 12:6 in Assamese 6 এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
Amos 5:4 in Assamese 4 যিহোৱাই ইস্ৰায়েল-বংশক এই কথা কৈছে, “তোমালোকে মোক বিচাৰা আৰু জীয়াই থাকা;
Amos 5:6 in Assamese 6 তোমালোকে যিহোৱাক বিচাৰা, তাতে জীয়াই থাকিবা; নহলে তেওঁ যোচেফৰ বংশৰ (ইস্রায়েলৰ লোকসকল) মাজত অগ্নিৰ দৰে জ্বলি উঠি গ্রাস কৰিব আৰু তাক নুমাবলৈ বৈৎ-এলত কোনো নাথাকিব।
Amos 5:8 in Assamese 8 যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জলসমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!
Amos 5:15 in Assamese 15 যি মন্দ, তাক ঘিণ কৰা আৰু যি ভাল, তাক ভালপোৱা। নগৰৰ দুৱাৰত সুবিচাৰ স্থাপন কৰা; তেতিয়া কিজানি যোচেফৰ জীয়াই থকা অৱশিষ্ট লোকৰ প্রতি বাহিনীগণৰ ঈশ্বৰ যিহোৱাই দয়া কৰিব।
Zephaniah 2:1 in Assamese 1 হে নিলাজ জাতি, তোমালোক একত্রিত হোৱা, একেলগ হৈ গোট খোৱা।
Luke 13:24 in Assamese 24 “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা। মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
Acts 2:18 in Assamese 18 আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তাতে তেওঁলোকে ভবিষ্যত বাণী প্ৰচাৰ কৰিব
1 Corinthians 3:6 in Assamese 6 মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
James 3:18 in Assamese 18 যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিৰে ধাৰ্মিকতাৰ ফল পোৱা যায়।