Hebrews 9:24 in Assamese 24 কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
Other Translations King James Version (KJV) For Christ is not entered into the holy places made with hands, which are the figures of the true; but into heaven itself, now to appear in the presence of God for us:
American Standard Version (ASV) For Christ entered not into a holy place made with hands, like in pattern to the true; but into heaven itself, now to appear before the face of God for us:
Bible in Basic English (BBE) For Christ did not go into a holy place which had been made by men's hands as the copy of the true one; but he went into heaven itself, and now takes his place before the face of God for us.
Darby English Bible (DBY) For the Christ is not entered into holy places made with hand, figures of the true, but into heaven itself, now to appear before the face of God for us:
World English Bible (WEB) For Christ hasn't entered into holy places made with hands, which are representations of the true, but into heaven itself, now to appear in the presence of God for us;
Young's Literal Translation (YLT) for not into holy places made with hands did the Christ enter -- figures of the true -- but into the heaven itself, now to be manifested in the presence of God for us;
Cross Reference Exodus 28:12 in Assamese 12 ইস্ৰায়েলৰ সন্তানসকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
Exodus 28:29 in Assamese 29 হাৰোণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল’বলৈ, ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব।
Psalm 68:18 in Assamese 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Zechariah 3:1 in Assamese 1 তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে।
Mark 14:58 in Assamese 58 “‘হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতেৰে নসজা আন এটা সাজিম’৷ তেওঁ এনে কথা কোৱা আমি শুনিছিলোঁ!”
Mark 16:19 in Assamese 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
Luke 24:51 in Assamese 51 এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বর্গলৈ নিয়া হ’ল।
John 2:19 in Assamese 19 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
John 6:62 in Assamese 62 মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ক’বা?
John 16:28 in Assamese 28 মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
Acts 1:9 in Assamese 9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু তেওঁলোকৰ চকুৰ আগতে এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল।
Acts 3:21 in Assamese 21 ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, এই সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে।
Romans 8:33 in Assamese 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা।
Ephesians 1:20 in Assamese 20 সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
Ephesians 4:8 in Assamese 8 শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।
Colossians 3:2 in Assamese 2 ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
Hebrews 1:3 in Assamese 3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
Hebrews 6:20 in Assamese 20 যীচু, যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহা-পুৰোহিত হ’ল, তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে।
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Hebrews 8:2 in Assamese 2 তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ সেৱক হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷
Hebrews 8:5 in Assamese 5 পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
Hebrews 9:9 in Assamese 9 ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
Hebrews 9:11 in Assamese 11 ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
Hebrews 9:23 in Assamese 23 এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
Hebrews 12:2 in Assamese 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
1 Peter 3:22 in Assamese 22 তেওঁ স্বৰ্গলৈ গ’ল৷ তেওঁ ঈশ্বৰৰ সোঁ-হাতে বহিল। স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
1 John 2:1 in Assamese 1 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা* ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
Revelation 8:3 in Assamese 3 পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰ লোকৰ প্ৰাৰ্থনাৰ সৈতে, তেওঁক ভালেমান ধুপ দিয়া হ’ল।