Hebrews 9:11 in Assamese 11 ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
Other Translations King James Version (KJV) But Christ being come an high priest of good things to come, by a greater and more perfect tabernacle, not made with hands, that is to say, not of this building;
American Standard Version (ASV) But Christ having come a high priest of the good things to come, through the greater and more perfect tabernacle, not made with hands, that is to say, not of this creation,
Bible in Basic English (BBE) But now Christ has come as the high priest of the good things of the future, through this greater and better Tent, not made with hands, that is to say, not of this world,
Darby English Bible (DBY) But Christ being come high priest of the good things to come, by the better and more perfect tabernacle not made with hand, (that is, not of this creation,)
World English Bible (WEB) But Christ having come as a high priest of the coming good things, through the greater and more perfect tabernacle, not made with hands, that is to say, not of this creation,
Young's Literal Translation (YLT) And Christ being come, chief priest of the coming good things, through the greater and more perfect tabernacle not made with hands -- that is, not of this creation --
Cross Reference Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Psalm 40:7 in Assamese 7 তেতিয়া মই ক’লো, “এইয়া মই আহিছো; পুস্তকখনত মই অহাৰ বিষয়ে লিখা আছে।
Isaiah 59:20 in Assamese 20 “চিয়োনলৈ, আৰু যাকোবৰ মাজত থকা অপৰাধৰ পৰা ঘূৰাসকলৰ ওচৰলৈ এজন মুক্তিদাতা আহিব,” এয়ে যিহোৱাৰ ঘোষণা।
Malachi 3:1 in Assamese 1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
Matthew 2:6 in Assamese 6 ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহূদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব’।”
Matthew 11:3 in Assamese 3 ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
Mark 14:58 in Assamese 58 “‘হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতেৰে নসজা আন এটা সাজিম’৷ তেওঁ এনে কথা কোৱা আমি শুনিছিলোঁ!”
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 4:25 in Assamese 25 সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে, সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
Acts 7:48 in Assamese 48 কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
Acts 17:24 in Assamese 24 ঈশ্বৰ, যি জন এই জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু এই জগতৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
2 Corinthians 5:1 in Assamese 1 কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
Colossians 2:11 in Assamese 11 তেওঁতেই আপোনালোকো বিনাহাতে কৰা চুন্নতৰ যোগেদি চুন্নৎ কৰোৱা হ’ল, এয়া মাংসময় শৰীৰৰ পাপ স্বভাৱ কাটি পেলোৱাৰ দ্বাৰাই খ্ৰীষ্টত আপোনালোক চুন্নৎ হ’ল৷
Hebrews 2:17 in Assamese 17 সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল, যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বাসযোগ্য মহা-পুৰোহিত হ’ব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
Hebrews 3:1 in Assamese 1 এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহা-পুৰোহিত।
Hebrews 4:15 in Assamese 15 কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
Hebrews 5:5 in Assamese 5 সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা ল’বলৈ নিজকে মনোনীত নকৰিলে। কিন্তু ঈশ্বৰেই তেওঁক ক’লে: “তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হ’লো।”
Hebrews 7:1 in Assamese 1 এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে।
Hebrews 7:11 in Assamese 11 লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে; এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহ’লহেঁতেন, যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল।
Hebrews 8:1 in Assamese 1 এতিয়া আমি যি বিষয়ে ক’বলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে; যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
Hebrews 9:1 in Assamese 1 সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি মহা-পবিত্ৰ স্থান আছিল৷
Hebrews 9:23 in Assamese 23 এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
Hebrews 10:1 in Assamese 1 কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে।
1 John 4:2 in Assamese 2 অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব- যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
2 John 1:7 in Assamese 7 কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।