Hebrews 8:9 in Assamese 9 যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহ’ব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই পুনৰ তেওঁলোকলৈ মনোযোগ নিদিলোঁ’৷ প্ৰভুৱে এই কথা কৈছে৷
Other Translations King James Version (KJV) Not according to the covenant that I made with their fathers in the day when I took them by the hand to lead them out of the land of Egypt; because they continued not in my covenant, and I regarded them not, saith the Lord.
American Standard Version (ASV) Not according to the covenant that I made with their fathers In the day that I took them by the hand to lead them forth out of the land of Egypt; For they continued not in my covenant, And I regarded them not, saith the Lord.
Bible in Basic English (BBE) Not like the agreement which I made with their fathers when I took them by the hand, to be their guide out of the land of Egypt; for they did not keep the agreement with me, and I gave them up, says the Lord.
Darby English Bible (DBY) not according to the covenant which I made to their fathers in [the] day of my taking their hand to lead them out of the land of Egypt; because *they* did not continue in my covenant, and *I* did not regard them, saith [the] Lord.
World English Bible (WEB) Not according to the covenant that I made with their fathers, In the day that I took them by the hand to lead them out of the land of Egypt; For they didn't continue in my covenant, And I disregarded them," says the Lord.
Young's Literal Translation (YLT) not according to the covenant that I made with their fathers, in the day of My taking `them' by their hand, to bring them out of the land of Egypt -- because they did not remain in My covenant, and I did not regard them, saith the Lord, --
Cross Reference Genesis 19:16 in Assamese 16 লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
Exodus 19:4 in Assamese 4 মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
Exodus 24:3 in Assamese 3 তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
Exodus 32:8 in Assamese 8 তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
Exodus 34:10 in Assamese 10 যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলো। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
Exodus 34:27 in Assamese 27 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
Deuteronomy 5:2 in Assamese 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
Deuteronomy 29:1 in Assamese 1 যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
Deuteronomy 29:12 in Assamese 12 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
Deuteronomy 29:25 in Assamese 25 তেতিয়া লোকসমূহে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
Deuteronomy 31:16 in Assamese 16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হবা; এই লোকসমূহে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাসকলৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
Joshua 23:15 in Assamese 15 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নেটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গল-বাক্যও সিদ্ধ কৰিব।
Judges 10:13 in Assamese 13 তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
2 Kings 17:15 in Assamese 15 তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
Job 8:20 in Assamese 20 চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
Psalm 77:20 in Assamese 20 মোচি আৰু হাৰোণৰ হতুৱাই ভেড়াৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।
Psalm 78:10 in Assamese 10 তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
Psalm 78:52 in Assamese 52 তাৰ পাছত তেওঁ নিজৰ লোকসকলক ভেড়াৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি ভেড়াৰ জাকৰ দৰে তেওঁলোকক চলালে।
Psalm 78:57 in Assamese 57 তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
Psalm 105:43 in Assamese 43 এইদৰে তেওঁ নিজৰ লোকসমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
Psalm 136:11 in Assamese 11 যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Song of Solomon 8:5 in Assamese 5 যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলো।
Isaiah 24:5 in Assamese 5 পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 41:13 in Assamese 13 কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰো, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
Isaiah 51:18 in Assamese 18 তেওঁ জন্ম দিয়া সন্তানসকলৰ মাজৰ কোনো এজন নাই তেওঁক পথ দেখূৱাবলৈ; যিসকল সন্তান তেওঁ ডাঙৰ-দীঘল কৰিলে তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Isaiah 63:11 in Assamese 11 তেওঁৰ লোকসকল পূৰ্ব্ব সময়ৰ মোচিৰ বিষয়ে শিকিছিল। লোকলোকে কৈছিল, যি “যি জনাই নিজৰ ভেড়াৰখীয়াসকলৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Jeremiah 11:7 in Assamese 7 কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।
Jeremiah 22:8 in Assamese 8 আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
Jeremiah 31:32 in Assamese 32 মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ন স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
Lamentations 4:16 in Assamese 16 যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব। লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
Ezekiel 16:8 in Assamese 8 তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ হ’লা।
Ezekiel 16:59 in Assamese 59 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা দৰেই মই তোমালৈ কাৰ্য্য কৰিছোঁ।
Ezekiel 20:37 in Assamese 37 আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
Amos 5:22 in Assamese 22 তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম ।
Malachi 2:13 in Assamese 13 তোমালোকৰ আন এটা অপকর্ম এই; তোমালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াঁই পেলাইছা; সেই কাৰণে তোমালোকে যি উৎসর্গ কৰে, তাৰ প্রতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে।
Mark 8:23 in Assamese 23 তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে, “কিবা দেখিছা নে?”
Acts 9:8 in Assamese 8 পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷
Acts 13:11 in Assamese 11 আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
Galatians 3:15 in Assamese 15 ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
Galatians 4:24 in Assamese 24 এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান (নিয়ম) হৈছে; এক নিয়ম চিনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
Hebrews 9:18 in Assamese 18 ঠিক সেইদৰে সেই প্ৰথম বিধান তেজ উৎসৰ্গ নকৰাকৈ স্থাপন নহ’ল।