Hebrews 7:26 in Assamese 26 এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
Other Translations King James Version (KJV) For such an high priest became us, who is holy, harmless, undefiled, separate from sinners, and made higher than the heavens;
American Standard Version (ASV) For such a high priest became us, holy, guileless, undefiled, separated from sinners, and made higher than the heavens;
Bible in Basic English (BBE) It was right for us to have such a high priest, one who is holy and without evil, doing no wrong, having no part with sinners, and made higher than the heavens:
Darby English Bible (DBY) For such a high priest became us, holy, harmless, undefiled, separated from sinners, and become higher than the heavens:
World English Bible (WEB) For such a high priest was fitting for us: holy, guiltless, undefiled, separated from sinners, and made higher than the heavens;
Young's Literal Translation (YLT) For such a chief priest did become us -- kind, harmless, undefiled, separate from the sinners, and become higher than the heavens,
Cross Reference Exodus 28:36 in Assamese 36 তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত ক্ষোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
Psalm 68:18 in Assamese 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Isaiah 53:9 in Assamese 9 তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্রতাৰণাৰ কথা নাছিল ।
Matthew 27:18 in Assamese 18 কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।
Mark 16:19 in Assamese 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
Luke 1:35 in Assamese 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হ’ব,
Luke 23:22 in Assamese 22 তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
Luke 23:41 in Assamese 41 আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছো৷ কিন্তু এই জনে একো অনুচিত কর্ম কৰা নাই৷”
Luke 23:47 in Assamese 47 তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
Luke 24:26 in Assamese 26 খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
Luke 24:46 in Assamese 46 আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
John 8:29 in Assamese 29 মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
John 14:30 in Assamese 30 তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
Acts 3:14 in Assamese 14 কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
Acts 4:27 in Assamese 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী লোক সকলৰ সৈতে একেলগ হৈছিল।
2 Corinthians 5:21 in Assamese 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।
Ephesians 1:20 in Assamese 20 সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
Ephesians 4:8 in Assamese 8 শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।
Philippians 2:9 in Assamese 9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
Hebrews 1:3 in Assamese 3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
Hebrews 2:10 in Assamese 10 সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে দুখভোগৰ মাজেদি পৰিত্ৰাণৰ আদিকৰ্তাই সঠিক কাৰ্যটো সিদ্ধ কৰিলে, এইটোৱে আছিল ঈশ্বৰৰ বাবে উপযুক্ত কার্য।
Hebrews 4:14 in Assamese 14 স্বর্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।
Hebrews 7:11 in Assamese 11 লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে; এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি, তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহ’লহেঁতেন, যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয়, কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল।
Hebrews 8:1 in Assamese 1 এতিয়া আমি যি বিষয়ে ক’বলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে; যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
Hebrews 9:14 in Assamese 14 তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসর্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে পবিত্ৰ কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷
Hebrews 9:23 in Assamese 23 এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
Hebrews 10:11 in Assamese 11 প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱা কাৰ্য কৰি, যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে;
Hebrews 12:2 in Assamese 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
1 Peter 1:19 in Assamese 19 কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেষ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
1 Peter 2:22 in Assamese 22 তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
1 Peter 3:22 in Assamese 22 তেওঁ স্বৰ্গলৈ গ’ল৷ তেওঁ ঈশ্বৰৰ সোঁ-হাতে বহিল। স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
1 John 2:2 in Assamese 2 তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে।
1 John 3:5 in Assamese 5 আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।
Revelation 1:17 in Assamese 17 যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
Revelation 3:7 in Assamese 7 ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ ‘যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয়- যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব৷