Hebrews 6:17 in Assamese 17 সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয়।
Other Translations King James Version (KJV) Wherein God, willing more abundantly to shew unto the heirs of promise the immutability of his counsel, confirmed it by an oath:
American Standard Version (ASV) Wherein God, being minded to show more abundantly unto the heirs of the promise the immutability of his counsel, interposed with an oath;
Bible in Basic English (BBE) So that when it was God's desire to make it specially clear to those who by his word were to have the heritage, that his purpose was fixed, he made it more certain with an oath;
Darby English Bible (DBY) Wherein God, willing to shew more abundantly to the heirs of the promise the unchangeableness of his purpose, intervened by an oath,
World English Bible (WEB) In this way God, being determined to show more abundantly to the heirs of the promise the immutability of his counsel, interposed with an oath;
Young's Literal Translation (YLT) in which God, more abundantly willing to shew to the heirs of the promise the immutability of his counsel, did interpose by an oath,
Cross Reference Genesis 26:28 in Assamese 28 তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
Exodus 22:11 in Assamese 11 তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
Job 23:13 in Assamese 13 কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
Psalm 33:11 in Assamese 11 যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
Psalm 36:8 in Assamese 8 তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
Psalm 110:4 in Assamese 4 “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।
Proverbs 19:21 in Assamese 21 মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
Song of Solomon 5:1 in Assamese 1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলো; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
Isaiah 14:24 in Assamese 24 বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
Isaiah 14:26 in Assamese 26 সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
Isaiah 46:10 in Assamese 10 মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”
Isaiah 54:9 in Assamese 9 “এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিবী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ ।
Isaiah 55:7 in Assamese 7 দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
Isaiah 55:11 in Assamese 11 সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
Jeremiah 33:20 in Assamese 20 যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব,
Jeremiah 33:25 in Assamese 25 মই যিহোৱাই এই কথা কৈছোঁ: দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয়, আৰু যদি মই স্ৱৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থকোঁ,
Malachi 3:6 in Assamese 6 “কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
John 10:10 in Assamese 10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
Romans 8:17 in Assamese 17 আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও সঁচা উত্তৰাধিকাৰী হওঁ।
Romans 11:29 in Assamese 29 কিয়নো ঈশ্বৰৰ অনুগ্ৰহ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
Galatians 3:29 in Assamese 29 আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
Hebrews 6:12 in Assamese 12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
Hebrews 6:16 in Assamese 16 মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে, তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।
Hebrews 6:18 in Assamese 18 ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই আহিলোঁ, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে ইয়াকে কৰিলোঁ।
Hebrews 11:7 in Assamese 7 বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
Hebrews 11:9 in Assamese 9 এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল;
James 1:17 in Assamese 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰা তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
James 2:5 in Assamese 5 হে মোৰ প্ৰিয় ভাই সকল, শুনক, জগতত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
1 Peter 1:3 in Assamese 3 ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
1 Peter 3:7 in Assamese 7 সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল দুর্বল সহকাৰিণী, জীৱনৰূপ অনুগ্ৰহ গ্ৰহন কৰোতা উত্তৰাধিকাৰী বুলি স্বীকৃতি দিয়ক, তাতে আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।