Hebrews 6:12 in Assamese 12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
Other Translations King James Version (KJV) That ye be not slothful, but followers of them who through faith and patience inherit the promises.
American Standard Version (ASV) that ye be not sluggish, but imitators of them who through faith and patience inherit the promises.
Bible in Basic English (BBE) So that you may not be slow in heart, but may take as your example those to whom God has given their heritage, because of their faith and their long waiting.
Darby English Bible (DBY) that ye be not sluggish, but imitators of those who through faith and patience have been inheritors of the promises.
World English Bible (WEB) that you won't be sluggish, but imitators of those who through faith and patience inherited the promises.
Young's Literal Translation (YLT) that ye may not become slothful, but followers of those who through faith and patient endurance are inheriting the promises.
Cross Reference Proverbs 12:24 in Assamese 24 পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
Proverbs 13:4 in Assamese 4 এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
Proverbs 15:19 in Assamese 19 এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
Proverbs 18:9 in Assamese 9 আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
Proverbs 24:30 in Assamese 30 মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলো।
Song of Solomon 1:8 in Assamese 8 প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ ভেড়াৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালীবোৰক ভেড়াৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।|
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Matthew 22:32 in Assamese 32 ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
Matthew 25:26 in Assamese 26 কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ, তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ, তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
Luke 8:15 in Assamese 15 কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।
Luke 16:22 in Assamese 22 কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল, তেতিয়া তেওঁক মৈদাম দিয়া হ’ল৷
Luke 20:37 in Assamese 37 মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
Romans 2:7 in Assamese 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
Romans 4:12 in Assamese 12 আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয়, কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই বিশ্ৱাসৰ পথত যি সকলে চলে, তেওঁলোকো সেই বিশ্বাসৰ যোগে অব্ৰাহামৰ সন্তান৷
Romans 8:25 in Assamese 25 কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
Romans 12:11 in Assamese 11 পৰিশ্ৰমত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
1 Thessalonians 1:3 in Assamese 3 আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু ধৈৰ্যেৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ কথা সোঁৱৰণ কৰি নিৰন্তৰে আমি প্রার্থনাত পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ।
2 Thessalonians 1:4 in Assamese 4 আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু ধৈর্যত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
Hebrews 1:14 in Assamese 14 সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? তেওঁলোকক পৰিত্রাণ পাবলগীয়াসকলক পৰিচর্যা কৰিবলৈ পঠোৱা হ’ল।
Hebrews 5:11 in Assamese 11 যীচুৰ বিষয়ে আমাৰ অনেক কথা ক’বলৈ আছে; কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান।
Hebrews 6:15 in Assamese 15 তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
Hebrews 10:36 in Assamese 36 কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ সহনশীলতাৰ প্ৰয়োজন আছে।
Hebrews 11:8 in Assamese 8 অব্ৰাহামে বিশ্বাস গুণে যি দেশলৈ তেওঁক আহ্বান কৰিছিল, উত্তৰাধিকাৰ গ্ৰহন কৰিবৰ বাবে সেই দেশলৈ তেওঁ বাধ্য হৈ গ’ল; কিন্তু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
Hebrews 11:33 in Assamese 33 তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
Hebrews 12:1 in Assamese 1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
Hebrews 13:7 in Assamese 7 আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
James 1:3 in Assamese 3 কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
James 5:10 in Assamese 10 হে ভাই সকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ক্লেশ-সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে আৰ্হি বুলি মানিব।
1 Peter 3:5 in Assamese 5 কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে;
2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
1 John 2:25 in Assamese 25 আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন।
Revelation 13:10 in Assamese 10 কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ সহনশীলতা আৰু বিশ্বাস আছে।
Revelation 14:12 in Assamese 12 ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”