Hebrews 2:3 in Assamese 3 তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
Other Translations King James Version (KJV) How shall we escape, if we neglect so great salvation; which at the first began to be spoken by the Lord, and was confirmed unto us by them that heard him;
American Standard Version (ASV) how shall we escape, if we neglect so great a salvation? which having at the first been spoken through the Lord, was confirmed unto us by them that heard;
Bible in Basic English (BBE) What will come on us, if we do not give our minds to such a great salvation? a salvation of which our fathers first had knowledge through the words of the Lord, and which was made certain to us by those to whom his words came;
Darby English Bible (DBY) how shall *we* escape if we have been negligent of so great salvation, which, having had its commencement in being spoken [of] by the Lord, has been confirmed to us by those who have heard;
World English Bible (WEB) how will we escape if we neglect so great a salvation-- which at the first having been spoken through the Lord, was confirmed to us by those who heard;
Young's Literal Translation (YLT) how shall we escape, having neglected so great salvation? which a beginning receiving -- to be spoken through the Lord -- by those having heard was confirmed to us,
Cross Reference Isaiah 12:2 in Assamese 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Isaiah 20:6 in Assamese 6 সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”
Isaiah 51:5 in Assamese 5 মোৰ ধাৰ্ম্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ উলায় যাব , আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
Isaiah 51:8 in Assamese 8 কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে উল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্ম্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
Isaiah 62:11 in Assamese 11 চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, “তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।”
Ezekiel 17:15 in Assamese 15 কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতসকলক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?
Ezekiel 17:18 in Assamese 18 কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
Matthew 4:17 in Assamese 17 সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”
Matthew 23:33 in Assamese 33 হে সৰ্পগণ, বিষক্ত সৰ্পৰ বংশ, আপোনালোকে কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব?
Mark 1:14 in Assamese 14 যোহনক বন্দীশালত থোৱাৰ পাছত, যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Luke 1:2 in Assamese 2 আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
Luke 1:69 in Assamese 69 তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দায়ুদৰ বংশত এজন শক্তিশালী উদ্ধাৰকৰ্তাক দিলে।
Luke 24:19 in Assamese 19 যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক ক’লে, “যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
Luke 24:47 in Assamese 47 আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ-মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
John 3:16 in Assamese 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
John 15:27 in Assamese 27 তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”
Acts 1:22 in Assamese 22 বাপ্তিস্ম লোৱা সেই লোকসকলৰ মাজৰ এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
Acts 2:22 in Assamese 22 হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
Acts 4:12 in Assamese 12 তেওঁৰ বাহিৰে আন ক’ত পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
Acts 10:40 in Assamese 40 কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে,
Romans 2:3 in Assamese 3 কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে?
1 Thessalonians 5:3 in Assamese 3 যেতিয়া লোক সকলে ‘শান্তি আৰু নিৰাপত্তা’ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
1 Timothy 1:15 in Assamese 15 পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
Titus 2:11 in Assamese 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
Hebrews 4:1 in Assamese 1 এতেকে আমি সতর্ক হ’ব লাগে, যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়।
Hebrews 4:11 in Assamese 11 সেই কাৰণে আহক, আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক। আমি কোনেও যেন সেই অবাধ্য ইস্রায়েলীয় লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম।
Hebrews 5:9 in Assamese 9 এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হ’ল;
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
Hebrews 10:28 in Assamese 28 যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়।
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
1 Peter 4:17 in Assamese 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
Revelation 6:16 in Assamese 16 তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেষ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
Revelation 7:10 in Assamese 10 আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেষ পোৱালিৰ।”