Hebrews 13:9 in Assamese 9 আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷
Other Translations King James Version (KJV) Be not carried about with divers and strange doctrines. For it is a good thing that the heart be established with grace; not with meats, which have not profited them that have been occupied therein.
American Standard Version (ASV) Be not carried away by divers and strange teachings: for it is good that the heart be established by grace; not by meats, wherein they that occupied themselves were not profited.
Bible in Basic English (BBE) Do not be turned away by different strange teachings, because it is good for your hearts to be made strong by grace, and not by meats, which were of no profit to those who took so much trouble over them.
Darby English Bible (DBY) Be not carried away with various and strange doctrines; for [it is] good that the heart be confirmed with grace, not meats; those who have walked in which have not been profited by [them].
World English Bible (WEB) Don't be carried away by various and strange teachings, for it is good that the heart be established by grace, not by food, through which those who were so occupied were not benefited.
Young's Literal Translation (YLT) with teachings manifold and strange be not carried about, for `it is' good that by grace the heart be confirmed, not with meats, in which they who were occupied were not profited;
Cross Reference Leviticus 11:1 in Assamese 1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Deuteronomy 14:3 in Assamese 3 আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব।
Matthew 24:4 in Assamese 4 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Acts 10:14 in Assamese 14 কিন্তু পিতৰে ক’লে, ‘হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই’৷
Acts 20:30 in Assamese 30 আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
Acts 20:32 in Assamese 32 এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক মই সমৰ্পন কৰি দিলোঁ।
Romans 14:2 in Assamese 2 কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দুৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
Romans 14:6 in Assamese 6 যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
Romans 14:17 in Assamese 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
Romans 16:17 in Assamese 17 হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷
1 Corinthians 6:13 in Assamese 13 “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
1 Corinthians 8:8 in Assamese 8 খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণযোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয়।
2 Corinthians 1:21 in Assamese 21 এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷
2 Corinthians 11:11 in Assamese 11 আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে, মই যে আচলতে প্রেম কৰোঁ৷
Galatians 1:6 in Assamese 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
Galatians 6:1 in Assamese 1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Ephesians 4:14 in Assamese 14 তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
Ephesians 5:6 in Assamese 6 অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
Colossians 2:4 in Assamese 4 কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
Colossians 2:7 in Assamese 7 তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
Colossians 2:16 in Assamese 16 এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
2 Thessalonians 2:2 in Assamese 2 আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক। কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি কব পাৰে।
2 Thessalonians 2:17 in Assamese 17 আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।
1 Timothy 4:1 in Assamese 1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
1 Timothy 6:3 in Assamese 3 কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ঈশ্বৰভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷
1 Timothy 6:20 in Assamese 20 হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা
2 Timothy 2:1 in Assamese 1 এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
Titus 1:14 in Assamese 14 ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
Hebrews 9:9 in Assamese 9 ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
1 John 4:1 in Assamese 1 হে প্ৰিয় সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
Jude 1:3 in Assamese 3 হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্ৰাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।
Jude 1:12 in Assamese 12 তেওঁলোক হ’ল, আপোনালোকৰ প্ৰেম-ভোজত একেলগে ভোজন কৰোঁতে, পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ। তেওঁলোকে নিৰ্লজ্জভাবে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে। তেওঁলোক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ; তেওঁলোক হেমন্ত-কালৰ ফলহীনগছ, উঘালি পৰা গছ, আৰু দুবাৰ মৰা।