Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
Other Translations King James Version (KJV) See that ye refuse not him that speaketh. For if they escaped not who refused him that spake on earth, much more shall not we escape, if we turn away from him that speaketh from heaven:
American Standard Version (ASV) See that ye refuse not him that speaketh. For if they escaped not when they refused him that warned `them' on earth, much more `shall not' we `escape' who turn away from him that `warneth' from heaven:
Bible in Basic English (BBE) See that you give ear to his voice which comes to you. For if those whose ears were shut to the voice which came to them on earth did not go free from punishment, what chance have we of going free if we give no attention to him whose voice comes from heaven?
Darby English Bible (DBY) See that ye refuse not him that speaks. For if those did not escape who had refused him who uttered the oracles on earth, much more we who turn away from him [who does so] from heaven:
World English Bible (WEB) See that you don't refuse him who speaks. For if they didn't escape when they refused him who warned on the Earth, how much more will we not escape who turn away from him who warns from heaven,
Young's Literal Translation (YLT) See, may ye not refuse him who is speaking, for if those did not escape who refused him who upon earth was divinely speaking -- much less we who do turn away from him who `speaketh' from heaven,
Cross Reference Exodus 16:29 in Assamese 29 চোৱা, মই যিহোৱা, মইয়ে তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
Exodus 20:22 in Assamese 22 যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
Numbers 32:15 in Assamese 15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
Deuteronomy 30:17 in Assamese 17 কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আতঁৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে,
Joshua 22:16 in Assamese 16 “যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্য লঙ্ঘন কৰিলা, ই কি কথা?
1 Kings 12:16 in Assamese 16 যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ূদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
2 Chronicles 7:19 in Assamese 19 কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
Proverbs 1:24 in Assamese 24 মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা।
Proverbs 1:32 in Assamese 32 অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।
Proverbs 8:33 in Assamese 33 মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
Proverbs 13:18 in Assamese 18 যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
Proverbs 15:32 in Assamese 32 যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
Isaiah 48:6 in Assamese 6 তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলো তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা ? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
Isaiah 64:9 in Assamese 9 হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ।
Jeremiah 11:10 in Assamese 10 তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
Ezekiel 5:6 in Assamese 6 কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।
Zechariah 7:11 in Assamese 11 কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।
Matthew 8:4 in Assamese 4 তেতিয়া যীচুৱে মানুহ জনক ক’লে, “সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হ’বা যে, তুমি সুস্থ হ’লা।”
Matthew 17:5 in Assamese 5 তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
Acts 7:35 in Assamese 35 এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে’? তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
1 Thessalonians 5:15 in Assamese 15 সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
2 Timothy 4:4 in Assamese 4 তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
Hebrews 2:1 in Assamese 1 এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
Hebrews 3:17 in Assamese 17 ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰত ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?
Hebrews 8:5 in Assamese 5 পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
Hebrews 10:28 in Assamese 28 যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়।
Hebrews 11:7 in Assamese 7 বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
1 Peter 1:22 in Assamese 22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ প্ৰাণ শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
Revelation 19:10 in Assamese 10 তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা।”
Revelation 22:9 in Assamese 9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাৱবাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”