Hebrews 12:15 in Assamese 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
Other Translations King James Version (KJV) Looking diligently lest any man fail of the grace of God; lest any root of bitterness springing up trouble you, and thereby many be defiled;
American Standard Version (ASV) looking carefully lest `there be' any man that falleth short of the grace of God; lest any root of bitterness springing up trouble `you', and thereby the many be defiled;
Bible in Basic English (BBE) Looking with care to see that no man among you in his behaviour comes short of the grace of God; for fear that some bitter root may come up to be a trouble to you, and that some of you may be made unclean by it;
Darby English Bible (DBY) watching lest [there be] any one who lacks the grace of God; lest any root of bitterness springing up trouble [you], and many be defiled by it;
World English Bible (WEB) looking carefully lest there be any man who falls short of the grace of God; lest any root of bitterness springing up trouble you, and thereby the many be defiled;
Young's Literal Translation (YLT) looking diligently over lest any one be failing of the grace of God, lest any root of bitterness springing up may give trouble, and through this many may be defiled;
Cross Reference Exodus 32:21 in Assamese 21 তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
Deuteronomy 4:9 in Assamese 9 যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
Deuteronomy 29:18 in Assamese 18 সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাসকলৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
Deuteronomy 32:32 in Assamese 32 সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
Joshua 6:18 in Assamese 18 তোমালোকে সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাখিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
Joshua 7:25 in Assamese 25 পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷
Joshua 22:17 in Assamese 17 পিয়োৰত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
1 Kings 14:16 in Assamese 16 যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তানসকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
Proverbs 4:23 in Assamese 23 সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
Isaiah 5:4 in Assamese 4 মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাৰিলো হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Jeremiah 2:21 in Assamese 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰোইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
Matthew 7:16 in Assamese 16 সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে?
Luke 22:32 in Assamese 32 কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”
Acts 20:30 in Assamese 30 আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
1 Corinthians 5:6 in Assamese 6 আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
1 Corinthians 9:24 in Assamese 24 আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
1 Corinthians 10:12 in Assamese 12 এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
1 Corinthians 13:8 in Assamese 8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, আতৰি যাব; জ্ঞান হ’লে, লুপ্ত হ’ব।
1 Corinthians 15:33 in Assamese 33 আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সৎ আচৰণক নষ্ট কৰে।
2 Corinthians 6:1 in Assamese 1 সেয়ে আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷
2 Corinthians 13:5 in Assamese 5 আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰক, আৰু সেই বিষয়ে সত্যতাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে, সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Galatians 2:13 in Assamese 13 অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল।
Galatians 5:4 in Assamese 4 পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই ধাৰ্মিক হ’বলৈ বিচাৰিছিল; এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷
Ephesians 5:3 in Assamese 3 আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
Colossians 3:5 in Assamese 5 এতেকে আপোনালোকে জাগতিক সকলো বিষয়কে মাৰি পেলাওঁক; ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভৰ দৰে মূৰ্তিপূজা,
2 Timothy 2:16 in Assamese 16 কিন্তু নিন্দাযুক্ত অসাৰ কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
Hebrews 2:1 in Assamese 1 এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
Hebrews 3:12 in Assamese 12 ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজন বিশ্বাসীৰে দুষ্ট হৃদয় নহয়।
Hebrews 4:1 in Assamese 1 এতেকে আমি সতর্ক হ’ব লাগে, যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়।
Hebrews 4:11 in Assamese 11 সেই কাৰণে আহক, আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক। আমি কোনেও যেন সেই অবাধ্য ইস্রায়েলীয় লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম।
Hebrews 6:11 in Assamese 11 আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হ’ব যে, আপোনালোকৰ আশা পূর্ণ হ’ব।
Hebrews 10:23 in Assamese 23 এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশাক অবিশ্বাস নকৰি দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসযোগ্য।
2 Peter 1:10 in Assamese 10 এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ’বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
2 Peter 2:1 in Assamese 1 অতীতত ইস্রায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব, এয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক (মুক্তিৰ অৰ্থে) কিনি ল’লে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
2 Peter 3:11 in Assamese 11 এইদৰে আটাইবোৰ ধ্বংস হ’বলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
2 Peter 3:14 in Assamese 14 এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
2 John 1:8 in Assamese 8 আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
Jude 1:20 in Assamese 20 কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;