Hebrews 11:7 in Assamese 7 বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল।
Other Translations King James Version (KJV) By faith Noah, being warned of God of things not seen as yet, moved with fear, prepared an ark to the saving of his house; by the which he condemned the world, and became heir of the righteousness which is by faith.
American Standard Version (ASV) By faith Noah, being warned `of God' concerning things not seen as yet, moved with godly fear, prepared an ark to the saving of his house; through which he condemned the world, and became heir of the righteousness which is according to faith.
Bible in Basic English (BBE) By faith Noah, being moved by the fear of God, made ready an ark for the salvation of his family, because God had given him news of things which were not seen at the time; and through it the world was judged by him, and he got for his heritage the righteousness which is by faith.
Darby English Bible (DBY) By faith, Noah, oracularly warned concerning things not yet seen, moved with fear, prepared an ark for the saving of his house; by which he condemned the world, and became heir of the righteousness which [is] according to faith.
World English Bible (WEB) By faith, Noah, being warned about things not yet seen, moved with godly fear, prepared an ark for the saving of his house, through which he condemned the world, and became heir of the righteousness which is according to faith.
Young's Literal Translation (YLT) By faith Noah, having been divinely warned concerning the things not yet seen, having feared, did prepare an ark to the salvation of his house, through which he did condemn the world, and of the righteousness according to faith he became heir.
Cross Reference Genesis 6:9 in Assamese 9 এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধার্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
Genesis 6:13 in Assamese 13 ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানুহজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
Genesis 7:5 in Assamese 5 যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে।
Genesis 7:23 in Assamese 23 এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
Genesis 8:16 in Assamese 16 “তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা।
Genesis 19:14 in Assamese 14 তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
Exodus 9:18 in Assamese 18 শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
Proverbs 22:3 in Assamese 3 দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
Proverbs 27:12 in Assamese 12 দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
Ezekiel 3:17 in Assamese 17 “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষযে় সাৱধানে থকিবলৈ দিয়া।
Ezekiel 14:14 in Assamese 14 তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
Ezekiel 14:20 in Assamese 20 তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্ম্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
Matthew 3:7 in Assamese 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “বিষক্ত সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হ’ব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
Matthew 12:41 in Assamese 41 বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
Matthew 24:15 in Assamese 15 এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া অসাৰ বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে যি জনে পঢ়ে, তেওঁ বুজক৷
Matthew 24:25 in Assamese 25 চোৱা, এই কথা মই আগেয়ে তোমালোকক কলোঁ।
Matthew 24:38 in Assamese 38 কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল,
Luke 11:31 in Assamese 31 দক্ষিণ দেশৰ ৰাণীয়ে মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।
Luke 17:26 in Assamese 26 নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
Romans 1:17 in Assamese 17 কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”
Romans 3:22 in Assamese 22 ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷
Romans 4:11 in Assamese 11 চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামে বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, সেয়া ধাৰ্মিকতাৰ মোহৰ আছিল; আৰু তেওঁ সেই চুন্নত, চিন হিচাপে পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়;
Romans 4:13 in Assamese 13 কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হ’ব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷
Romans 9:30 in Assamese 30 তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা পালে;
Romans 10:6 in Assamese 6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? (অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ)
Galatians 5:5 in Assamese 5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ।
Philippians 3:9 in Assamese 9 আৰু এতিয়া মই তেওঁত বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে এতিয়া মই বিশ্বাসত ধাৰ্মিক হ’লো, সেয়া মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
Hebrews 5:7 in Assamese 7 যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ঈশ্বৰীয় ভয়ৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।
Hebrews 11:1 in Assamese 1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
1 Peter 3:20 in Assamese 20 সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, তাতে আঠ টা আত্মা সেই জলৰ পৰা উদ্ধাৰ পালে৷
2 Peter 1:1 in Assamese 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
2 Peter 2:5 in Assamese 5 ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
2 Peter 3:6 in Assamese 6 পাছত সেই পানীৰ দ্বাৰাই জগত জলপ্লাবিত হ’ল, আৰু ঈশ্বৰে সেই জলপ্লাবনৰ দ্বাৰা জগতক নষ্ট কৰিলে;