Hebrews 11:27 in Assamese 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
Other Translations King James Version (KJV) By faith he forsook Egypt, not fearing the wrath of the king: for he endured, as seeing him who is invisible.
American Standard Version (ASV) By faith he forsook Egypt, not fearing the wrath of the king: for he endured, as seeing him who is invisible.
Bible in Basic English (BBE) By faith he went out of Egypt, not being turned from his purpose by fear of the wrath of the king; for he kept on his way, as seeing him who is unseen.
Darby English Bible (DBY) By faith he left Egypt, not fearing the wrath of the king; for he persevered, as seeing him who is invisible.
World English Bible (WEB) By faith, he left Egypt, not fearing the wrath of the king; for he endured, as seeing him who is invisible.
Young's Literal Translation (YLT) by faith he left Egypt behind, not having been afraid of the wrath of the king, for, as seeing the Invisible One -- he endured;
Cross Reference Exodus 2:14 in Assamese 14 কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
Exodus 4:19 in Assamese 19 যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
Exodus 10:28 in Assamese 28 তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা! এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।
Exodus 11:8 in Assamese 8 ফৌৰণ ,আপোনাৰ সকলো দাস মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
Exodus 12:11 in Assamese 11 তোমালোকে টঙালীৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
Exodus 12:37 in Assamese 37 ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।
Exodus 12:50 in Assamese 50 সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
Exodus 13:17 in Assamese 17 ফৌৰণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া ফিলিষ্টীয়া সকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
Exodus 14:10 in Assamese 10 ফৌৰণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
Psalm 16:8 in Assamese 8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
Matthew 10:22 in Assamese 22 মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যিজনে শেষলৈকে সহন কৰি থাকে, সেইজনেই পৰিত্ৰাণ পাব।
Matthew 24:13 in Assamese 13 কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
Mark 4:17 in Assamese 17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
Mark 13:13 in Assamese 13 মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
Acts 2:25 in Assamese 25 তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহ’বলৈ তেওঁ মোৰ সোঁফালে থাকে;
1 Corinthians 13:7 in Assamese 7 প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোতে আশা কৰে, আৰু সকলোকে সহ্য কৰে।
2 Corinthians 4:18 in Assamese 18 এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
1 Timothy 6:16 in Assamese 16 তেৱেঁই একমাত্ৰ মৃত্যু নোহোৱা আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
Hebrews 6:15 in Assamese 15 তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
Hebrews 10:32 in Assamese 32 সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷
Hebrews 11:1 in Assamese 1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
Hebrews 11:13 in Assamese 13 সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।
Hebrews 12:2 in Assamese 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
James 5:11 in Assamese 11 চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ ধৈৰ্যৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
1 Peter 1:8 in Assamese 8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷