Haggai 2:7 in Assamese 7 আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।
Other Translations King James Version (KJV) And I will shake all nations, and the desire of all nations shall come: and I will fill this house with glory, saith the LORD of hosts.
American Standard Version (ASV) and I will shake all nations; and the precious things of all nations shall come; and I will fill this house with glory, saith Jehovah of hosts.
Bible in Basic English (BBE) And I will make a shaking of all the nations, and the desired things of all nations will come: and I will make this house full of my glory, says the Lord of armies.
Darby English Bible (DBY) and I will shake all nations, and the desire of all nations shall come; and I will fill this house with glory, saith Jehovah of hosts.
World English Bible (WEB) and I will shake all nations. The precious things of all nations will come, and I will fill this house with glory, says Yahweh of Hosts.
Young's Literal Translation (YLT) And I have shaken all the nations, And they have come `to' the desire of all the nations, And I have filled this house `with' honour, Said Jehovah of Hosts.
Cross Reference Genesis 3:15 in Assamese 15 মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
Genesis 22:18 in Assamese 18 তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Exodus 40:34 in Assamese 34 তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।
1 Kings 8:11 in Assamese 11 পুৰোহিতসকলে পৰিচৰ্য্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।
2 Chronicles 5:14 in Assamese 14 সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্য্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Isaiah 60:7 in Assamese 7 কেদৰৰ আটাই ভেড়াৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা ভেড়াবোৰে তোমাৰ পৰিচৰ্য্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।
Ezekiel 21:27 in Assamese 27 মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Daniel 7:20 in Assamese 20 তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখোৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলো।
Joel 3:9 in Assamese 9 তোমালোকে জাতিসকলৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Malachi 3:1 in Assamese 1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
Luke 2:10 in Assamese 10 দূতে তেওঁলোকক ক’লে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হ’ব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰিবলৈ আহিছোঁ।
Luke 2:27 in Assamese 27 সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে।
Luke 2:46 in Assamese 46 তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু তেওঁলোকক নানা প্ৰশ্ন সুধি আছিল।
Luke 19:47 in Assamese 47 তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাৰ প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিলে;
Luke 20:1 in Assamese 1 এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷
Luke 21:10 in Assamese 10 তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
Luke 21:38 in Assamese 38 সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 2:13 in Assamese 13 ইহুদী সকলৰ নিস্তাৰপৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
John 10:23 in Assamese 23 সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
Galatians 3:8 in Assamese 8 ধৰ্মশাস্ত্ৰৰ বচনত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”
Colossians 2:9 in Assamese 9 কিয়নো তেওঁত শাৰীৰিক ভাবে ঈশ্বৰত্বৰ সকলো স্বভাৱ সম্পূৰ্ণ নিবাস কৰে।