Haggai 2:22 in Assamese 22 মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।
Other Translations King James Version (KJV) And I will overthrow the throne of kingdoms, and I will destroy the strength of the kingdoms of the heathen; and I will overthrow the chariots, and those that ride in them; and the horses and their riders shall come down, every one by the sword of his brother.
American Standard Version (ASV) and I will overthrow the throne of kingdoms; and I will destroy the strength of the kingdoms of the nations; and I will overthrow the chariots, and those that ride in them; and the horses and their riders shall come down, every one by the sword of his brother.
Bible in Basic English (BBE) Overturning the power of kingdoms; and I will send destruction on the strength of the kingdoms of the nations; by me war-carriages will be overturned with those who are in them; and the horses and the horsemen will come down, everyone by the sword of his brother.
Darby English Bible (DBY) and I will overthrow the throne of kingdoms, and I will destroy the strength of the kingdoms of the nations; and I will overthrow the chariots, and those that ride therein; and the horses and their riders shall come down, every one by the sword of his brother.
World English Bible (WEB) I will overthrow the throne of kingdoms. I will destroy the strength of the kingdoms of the nations. I will overthrow the chariots, and those who ride in them. The horses and their riders will come down, everyone by the sword of his brother.
Young's Literal Translation (YLT) And have overturned the throne of kingdoms, And I have destroyed the strength of kingdoms of the nations, And overturned chariot and its charioteers, And come down have horses and their riders, Each by the sword of his brother.
Cross Reference Exodus 14:17 in Assamese 17 চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৌৰণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱাম্বিত হ’ম।
Exodus 14:28 in Assamese 28 জলসমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী সকল, আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৌৰণৰ সকলো সৈন্যক পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
Exodus 15:4 in Assamese 4 তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমুহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতি সকল চুফ সাগৰত ডুবিল।
Exodus 15:19 in Assamese 19 কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহী সকলৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমালে। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
Judges 7:22 in Assamese 22 তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
1 Samuel 14:16 in Assamese 16 তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোকসমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
2 Chronicles 20:22 in Assamese 22 যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তানসকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।
Psalm 46:9 in Assamese 9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
Psalm 76:6 in Assamese 6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
Isaiah 9:19 in Assamese 19 বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব।
Isaiah 19:2 in Assamese 2 “মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
Isaiah 60:12 in Assamese 12 কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ অধীনতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
Ezekiel 21:27 in Assamese 27 মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
Ezekiel 39:20 in Assamese 20 আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”
Daniel 2:34 in Assamese 34 আপুনি চাই থাকোঁতেই এটা শিল কাটি উলিওৱা হ’ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুড়ি কৰিলে।
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Daniel 7:25 in Assamese 25 তেওঁ সৰ্ব্বোপৰিজনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰিজনা প্রভুৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এবছৰ, দুবছৰ, আৰু আধা বছৰৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
Daniel 8:25 in Assamese 25 তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
Micah 5:8 in Assamese 8 দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু ভেড়াৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
Micah 5:10 in Assamese 10 “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
Micah 5:15 in Assamese 15 যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।
Zephaniah 3:8 in Assamese 8 যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছো যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
Zechariah 4:6 in Assamese 6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
Zechariah 9:10 in Assamese 10 মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
Zechariah 10:11 in Assamese 11 তেওঁলোকে সঙ্কটপূৰ্ণ সমুদ্ৰৰ মাজেদি যাত্রা কৰিব; তেওঁলোকে সাগৰৰ ঢৌক প্ৰহাৰ কৰিব; আৰু নীল নদীৰ সকলো জল তেওঁলোকে শুকুৱাই পেলাব। অচূৰৰ মহত্ত্ৱ তল পেলোৱা হ’ব আৰু মিচৰৰ দণ্ডডালি তেওঁলোকৰ পৰা দূৰ কৰা যাব।
Zechariah 12:2 in Assamese 2 চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
Zechariah 14:3 in Assamese 3 কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
Matthew 24:7 in Assamese 7 জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”