Haggai 2:17 in Assamese 17 যিহোৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্রস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদ ৰোগেৰে নষ্ট কৰিলোঁ, তথাপিও তোমালোক এতিয়ালৈকে মোলৈ ঘূৰি অহা নাই।
Other Translations King James Version (KJV) I smote you with blasting and with mildew and with hail in all the labours of your hands; yet ye turned not to me, saith the LORD.
American Standard Version (ASV) I smote you with blasting and with mildew and with hail in all the work of your hands; yet ye `turned' not to me, saith Jehovah.
Bible in Basic English (BBE) And I sent burning and wasting and a rain of ice-drops on all the works of your hands; but still you were not turned to me, says the Lord.
Darby English Bible (DBY) I smote you with blasting and with mildew and with hail in all the work of your hands; and ye [turned] not to me, saith Jehovah.
World English Bible (WEB) I struck you with blight, mildew, and hail in all the work of your hands; yet you didn't turn to me,' says Yahweh.
Young's Literal Translation (YLT) I have smitten you with blasting, And with mildew, and with hail -- All the work of your hands, And there is none of you with Me, An affirmation of Jehovah.
Cross Reference Genesis 42:6 in Assamese 6 সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
Genesis 42:23 in Assamese 23 যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
Genesis 42:27 in Assamese 27 পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
Exodus 9:18 in Assamese 18 শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
Deuteronomy 28:22 in Assamese 22 সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব।
1 Kings 8:37 in Assamese 37 দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয় আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে -
2 Chronicles 6:28 in Assamese 28 দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামুৰীয়া হয় নাইবা ফৰিং কি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে বা যিকোনো আপদ বা ৰোগ হয় -
2 Chronicles 28:22 in Assamese 22 ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।
Job 36:13 in Assamese 13 অধৰ্ম্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাঁতৰোক্তি নকৰে।
Psalm 78:46 in Assamese 46 তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।
Isaiah 9:13 in Assamese 13 তথাপিও তেওঁলোকক প্ৰহাৰ কৰা লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
Isaiah 28:2 in Assamese 2 চোৱা, প্ৰভূৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে; শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ধল পানীৰ সোঁতৰ দৰে, তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্রহাৰ কৰিব।
Isaiah 37:27 in Assamese 27 তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূবদিশৰ বতাহৰ আগত। ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে।
Isaiah 42:25 in Assamese 25 সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে; তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে।
Isaiah 62:8 in Assamese 8 যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
Jeremiah 3:24 in Assamese 24 কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
Jeremiah 5:3 in Assamese 3 হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 8:4 in Assamese 4 তুমি তেওঁলোকক আৰু এই কথা ক’বা, যিহোৱাই এই কথা কৈছে: মানুহ পৰি জানো পুনৰায় নুঠিব? বা অপথে গৈ জানো আকৌ উলটি নাহিব?
Hosea 7:9 in Assamese 9 বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
Amos 4:6 in Assamese 6 “মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Amos 4:8 in Assamese 8 পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
Haggai 1:9 in Assamese 9 ‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফুঁ মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
Haggai 1:11 in Assamese 11 মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
Zechariah 1:2 in Assamese 2 “যিহোৱাই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল!
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Revelation 2:21 in Assamese 21 মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।
Revelation 9:20 in Assamese 20 এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ উপাসনা কৰিবলৈ নেৰিলে আৰু এই অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।