Habakkuk 3:10 in Assamese 10 পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে; অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে! ই ওপৰলৈ ঢৌবোৰ উঠায়।
Other Translations King James Version (KJV) The mountains saw thee, and they trembled: the overflowing of the water passed by: the deep uttered his voice, and lifted up his hands on high.
American Standard Version (ASV) The mountains saw thee, and were afraid; The tempest of waters passed by; The deep uttered its voice, And lifted up its hands on high.
Bible in Basic English (BBE) The mountains saw you and were moved with fear; the clouds were streaming with water: the voice of the deep was sounding; the sun did not come up, and the moon kept still in her place.
Darby English Bible (DBY) The mountains saw thee, they were in travail: Torrents of waters passed by; The deep uttered its voice, Lifted up its hands on high.
World English Bible (WEB) The mountains saw you, and were afraid. The tempest of waters passed by. The deep roared and lifted up its hands on high.
Young's Literal Translation (YLT) Seen thee -- pained are mountains, An inundation of waters hath passed over, Given forth hath the deep its voice, High its hands it hath lifted up.
Cross Reference Exodus 14:22 in Assamese 22 তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
Exodus 19:16 in Assamese 16 তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্ছ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
Joshua 3:15 in Assamese 15 পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
Joshua 4:18 in Assamese 18 তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্ব্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
Joshua 4:23 in Assamese 23 কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
Judges 5:4 in Assamese 4 হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিবী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
Nehemiah 9:11 in Assamese 11 আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
Psalm 18:15 in Assamese 15 হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
Psalm 65:13 in Assamese 13 চৰণীয়া পথাৰবোৰত জাক জাক ভেড়াৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যেৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনিকৰে আৰু গীতগান কৰে।
Psalm 66:6 in Assamese 6 তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
Psalm 68:7 in Assamese 7 হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোকসমূহৰ আগে আগে গৈছিলা, চেলা
Psalm 74:13 in Assamese 13 তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীতথকা দৈত্যৰ মূৰ থেতালি ভাঙিছিলা।
Psalm 77:16 in Assamese 16 হে ঈশ্বৰ, সমুদ্রৰ জলসমূহে তোমাক দেখিলে; জলসমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
Psalm 93:3 in Assamese 3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
Psalm 96:11 in Assamese 11 আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।
Psalm 97:4 in Assamese 4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
Psalm 98:7 in Assamese 7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
Psalm 114:3 in Assamese 3 সমুদ্ৰই (চূফ সাগৰ) তাকে দেখি পলায়ন কৰিলে; যৰ্দন নদী উজাই গ’ল।
Psalm 136:13 in Assamese 13 যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Isaiah 11:15 in Assamese 15 যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
Isaiah 43:20 in Assamese 20 বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উটপক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
Isaiah 55:12 in Assamese 12 সেয়ে তোমালোক আনন্দেৰে বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্ছ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব ।
Isaiah 63:11 in Assamese 11 তেওঁৰ লোকসকল পূৰ্ব্ব সময়ৰ মোচিৰ বিষয়ে শিকিছিল। লোকলোকে কৈছিল, যি “যি জনাই নিজৰ ভেড়াৰখীয়াসকলৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Isaiah 64:1 in Assamese 1 অহ, তুমি আকাশ-মণ্ডল বিদাৰি নামি আহিলে, পৰ্ব্বতবোৰ তোমাৰ সাক্ষাতে দ্ৰৱ হৈ গ’লে, কেনে ভাল আছিল।
Jeremiah 4:24 in Assamese 24 মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
Micah 1:4 in Assamese 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
Nahum 1:5 in Assamese 5 তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কপেঁ আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।
Habakkuk 3:6 in Assamese 6 তেওঁ থিয় হয় আৰু পৃথিবী জোখে; তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে! এনে কি চিৰস্থায়ী পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে; তেওঁৰ পথ অনন্তকলীয়া।
Matthew 27:51 in Assamese 51 চোৱা, তেতিয়াই মন্দিৰৰ আৰঁ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
Hebrews 11:29 in Assamese 29 বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
Revelation 6:14 in Assamese 14 আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
Revelation 16:12 in Assamese 12 ষষ্ঠ দূত জনে ফৰাৎ (ইউফ্ৰেটিচ) মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।
Revelation 20:11 in Assamese 11 তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত এই জগত আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।