Habakkuk 1:4 in Assamese 4 সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্ম্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”
Other Translations King James Version (KJV) Therefore the law is slacked, and judgment doth never go forth: for the wicked doth compass about the righteous; therefore wrong judgment proceedeth.
American Standard Version (ASV) Therefore the law is slacked, and justice doth never go forth; for the wicked doth compass about the righteous; therefore justice goeth forth perverted.
Bible in Basic English (BBE) For this reason the law is feeble and decisions are not effected: for the upright man is circled round by evil-doers; because of which right is twisted.
Darby English Bible (DBY) Therefore the law is powerless, and justice doth never go forth; for the wicked encompasseth the righteous; therefore judgment goeth forth perverted.
World English Bible (WEB) Therefore the law is paralyzed, and justice never goes forth; for the wicked surround the righteous; therefore justice goes forth perverted.
Young's Literal Translation (YLT) Therefore doth law cease, And judgment doth not go forth for ever, For the wicked is compassing the righteous, Therefore wrong judgment goeth forth.
Cross Reference Exodus 23:2 in Assamese 2 তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
Exodus 23:6 in Assamese 6 তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
Deuteronomy 16:19 in Assamese 19 আপুনি বলপুর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্ম্মিকৰ কথা ওলোটাই।
1 Kings 21:13 in Assamese 13 আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
Job 21:7 in Assamese 7 দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
Psalm 11:3 in Assamese 3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধার্মিকসকলে কি কৰিব পাৰিব?
Psalm 22:16 in Assamese 16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোকসমূহে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
Psalm 58:1 in Assamese 1 তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে? হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা?
Psalm 59:2 in Assamese 2 অধৰ্ম্মাচাৰীসকলৰ পৰা মোক ৰক্ষাকৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
Psalm 59:4 in Assamese 4 তেওঁলোকে মোক বিনাদোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
Psalm 82:1 in Assamese 1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাসকলৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
Psalm 94:3 in Assamese 3 হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
Psalm 94:20 in Assamese 20 দুর্নীতিপৰায়ন শাসনকর্তাসকলে দুস্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
Psalm 119:126 in Assamese 126 হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে ।
Isaiah 1:21 in Assamese 21 কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
Isaiah 5:20 in Assamese 20 যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
Isaiah 59:2 in Assamese 2 কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
Isaiah 59:13 in Assamese 13 এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলো আৰু পৃথকে ঘূৰিছিলো, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা।
Jeremiah 5:27 in Assamese 27 সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।
Jeremiah 12:1 in Assamese 1 “হে যিহোৱা, তুমি ধাৰ্ম্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
Jeremiah 12:6 in Assamese 6 কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
Jeremiah 26:8 in Assamese 8 আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এঁটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা!
Jeremiah 26:21 in Assamese 21 কিন্তু যিহোয়াকীম ৰজা, তেওঁৰ বীৰসকলক আৰু সকলো প্ৰধান লোক তেওঁৰ কথা শুনিবলৈ পোৱাত, ৰজাই তেওঁক বধ কৰিবলৈ পুৰুষাৰ্থ কৰিলে; কিন্তু ঊৰিয়াই তাকে শুনি ভয় পাই পলাই মিচৰলৈ গ’ল।
Jeremiah 37:14 in Assamese 14 তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
Jeremiah 38:4 in Assamese 4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞ দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Ezekiel 9:9 in Assamese 9 তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
Ezekiel 22:25 in Assamese 25 তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
Hosea 10:4 in Assamese 4 তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
Amos 5:7 in Assamese 7 তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।
Amos 5:12 in Assamese 12 কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেঁটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Micah 3:1 in Assamese 1 মই কলোঁ, “ যাকোবৰ মূখ্যলোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Micah 7:2 in Assamese 2 পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
Matthew 23:34 in Assamese 34 এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাৱবাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্ৰুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।
Matthew 26:59 in Assamese 59 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
Matthew 27:1 in Assamese 1 পাছত ৰাতিপুৱা সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;
Matthew 27:25 in Assamese 25 তেতিয়া সকলোৱে উত্তৰ দি ক’লে, “তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক।”
Mark 7:9 in Assamese 9 তেওঁ পুনৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
Acts 7:52 in Assamese 52 এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
Acts 7:59 in Assamese 59 তেওঁলোকে স্তিফানক শিল দলিয়াই থাকোতে, তেওঁ প্ৰভুক স্মৰণ কৰি ক’লে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”
Acts 23:12 in Assamese 12 পাছদিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
Romans 3:31 in Assamese 31 তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।
James 2:6 in Assamese 6 কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?