Genesis 49:24 in Assamese 24 কিন্তু তেঔঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেষ-ৰখীয়া, ইস্ৰায়েলৰ শিলা।
Other Translations King James Version (KJV) But his bow abode in strength, and the arms of his hands were made strong by the hands of the mighty God of Jacob; (from thence is the shepherd, the stone of Israel:)
American Standard Version (ASV) But his bow abode in strength, And the arms of his hands were made strong, By the hands of the Mighty One of Jacob, (From thence is the shepherd, the stone of Israel),
Bible in Basic English (BBE) But their bows were broken by a strong one, and the cords of their arms were cut by the Strength of Jacob, by the name of the Stone of Israel:
Darby English Bible (DBY) But his bow abideth firm, And the arms of his hands are supple By the hands of the Mighty One of Jacob. From thence is the shepherd, the stone of Israel:
Webster's Bible (WBT) But his bow abode in strength, and the arms of his hands were made strong by the hands of the mighty God of Jacob: from thence is the shepherd the stone of Israel:
World English Bible (WEB) But his bow abode in strength, The arms of his hands were made strong, By the hands of the Mighty One of Jacob, (From there is the shepherd, the stone of Israel),
Young's Literal Translation (YLT) And his bow abideth in strength, And strengthened are the arms of his hands By the hands of the Mighty One of Jacob, Whence is a shepherd, a son of Israel.
Cross Reference Genesis 35:10 in Assamese 10 ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।
Genesis 45:5 in Assamese 5 কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে।
Genesis 45:7 in Assamese 7 পৃথিবীত অৱশেষ স্বৰূপে তোমালোকৰ বংশক জীৱিত ৰাখিবৰ কাৰণে আৰু ধ্বংসৰ পৰা উদ্ধাৰ কৰি তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক পঠাই দিলে।
Genesis 45:11 in Assamese 11 আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’
Genesis 47:12 in Assamese 12 যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
Genesis 50:21 in Assamese 21 এতিয়া তোমালোকে ভয় নকৰিবা; মই তোমালোকক আৰু তোমালোকৰ ল’ৰা-তিৰোতাসকলকো প্ৰতিপালন কৰিম।” এইদৰে তেওঁলোকক তেওঁ শান্ত্বনা দিলে, আৰু মৰমৰ কথা ক’লে।
Exodus 3:6 in Assamese 6 তেওঁ পুনৰ ক’লে, “মই তোমাৰ ওপৰ-পিতৃ সকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
Numbers 27:16 in Assamese 16 “হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে
Deuteronomy 32:4 in Assamese 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
Deuteronomy 34:9 in Assamese 9 নূনৰ পুত্ৰ যিহোচুৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তানসকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য্য কৰিবলৈ ধৰিলে।
Joshua 1:1 in Assamese 1 যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
Joshua 24:1 in Assamese 1 পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো জনগোষ্ঠীক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
Nehemiah 6:9 in Assamese 9 তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য্য যাতে সমাপ্ত কৰা নহয়, সেয়েহে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সোমোৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
Job 29:20 in Assamese 20 মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
Psalm 18:1 in Assamese 1 হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
Psalm 18:30 in Assamese 30 ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
Psalm 18:32 in Assamese 32 ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
Psalm 23:1 in Assamese 1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
Psalm 27:14 in Assamese 14 তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়ল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
Psalm 28:8 in Assamese 8 যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
Psalm 37:14 in Assamese 14 দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
Psalm 44:7 in Assamese 7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
Psalm 80:1 in Assamese 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
Psalm 89:1 in Assamese 1 মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
Psalm 118:22 in Assamese 22 ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
Psalm 132:2 in Assamese 2 তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমানজনাৰ ওচৰত সঙ্কল্প কৰিছিল।
Psalm 132:5 in Assamese 5 যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ, যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
Isaiah 1:24 in Assamese 24 এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজকে প্রতিশোধ সাধিম;
Isaiah 28:16 in Assamese 16 এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।
Isaiah 29:24 in Assamese 24 ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”
Isaiah 41:10 in Assamese 10 ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
Isaiah 60:16 in Assamese 16 আৰু তুমি জাতিসকলৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা।
Zechariah 3:9 in Assamese 9 এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
Zechariah 10:12 in Assamese 12 মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Matthew 21:42 in Assamese 42 যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
Mark 12:10 in Assamese 10 এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
Luke 20:17 in Assamese 17 তেওঁ তেওঁলোকলৈ চাই ক’লে, “এই লিখা বচনৰ অৰ্থ কি? ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’?
Acts 4:11 in Assamese 11 যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
Romans 14:4 in Assamese 4 অাপুনি লোকৰ পৰিচাৰকৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
Ephesians 2:20 in Assamese 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
Colossians 1:11 in Assamese 11 আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ মহিমাৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
2 Timothy 4:17 in Assamese 17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা ৰক্ষা পালোঁ।
1 Peter 2:4 in Assamese 4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া হ’ল৷