Genesis 48:16 in Assamese 16 যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।
Other Translations King James Version (KJV) The Angel which redeemed me from all evil, bless the lads; and let my name be named on them, and the name of my fathers Abraham and Isaac; and let them grow into a multitude in the midst of the earth.
American Standard Version (ASV) the angel who hath redeemed me from all evil, bless the lads; and let my name be named on them, and the name of my fathers Abraham and Isaac; and let them grow into a multitude in the midst of the earth.
Bible in Basic English (BBE) The angel who has been my saviour from all evil, send his blessing on these children: and let my name and the name of my fathers, Abraham and Isaac, be given to them; and let them become a great nation in the earth.
Darby English Bible (DBY) the Angel that redeemed me from all evil, bless the lads; and let my name be named upon them, and the name of my fathers Abraham and Isaac; and let them grow into a multitude in the midst of the land!
Webster's Bible (WBT) The angel who hath redeemed me from all evil, bless the lads; and let my name be named on them, and the name of my fathers Abraham and Isaac: and let them grow into a multitude in the midst of the earth.
World English Bible (WEB) the angel who has redeemed me from all evil, bless the lads, and let my name be named on them, and the name of my fathers Abraham and Isaac. Let them grow into a multitude in the midst of the earth."
Young's Literal Translation (YLT) the Messenger who is redeeming me from all evil doth bless the youths, and my name is called upon them, and the name of my fathers Abraham and Isaac; and they increase into a multitude in the midst of the land.'
Cross Reference Genesis 1:21 in Assamese 21 এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
Genesis 16:7 in Assamese 7 পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
Genesis 28:13 in Assamese 13 যিহোৱাই তাৰ ওপৰত থিয় হৈ কৈছিল, “ময় যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
Genesis 31:11 in Assamese 11 তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’
Genesis 32:28 in Assamese 28 পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়েহে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) বুলিহে মতা হ’ব।”
Genesis 48:5 in Assamese 5 মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব।
Genesis 49:22 in Assamese 22 যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
Exodus 1:7 in Assamese 7 ইস্ৰায়েলৰ সন্তান সকল বহুবংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
Exodus 3:2 in Assamese 2 সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নিশিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
Exodus 23:20 in Assamese 20 যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
Numbers 1:46 in Assamese 46 গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।
Numbers 26:28 in Assamese 28 নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।
Deuteronomy 28:10 in Assamese 10 তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব।
Deuteronomy 33:17 in Assamese 17 যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাড়ঁ, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়ীমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
Joshua 17:17 in Assamese 17 তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনলোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷
Judges 2:1 in Assamese 1 যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।
Judges 6:21 in Assamese 21 তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমিৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।
Judges 13:21 in Assamese 21 তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষযে তেতিয়াহে মানোহে জানিলে।
2 Chronicles 7:14 in Assamese 14 তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
Psalm 34:2 in Assamese 2 মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্র লোকে আনন্দ কৰক।
Psalm 34:7 in Assamese 7 যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
Psalm 34:22 in Assamese 22 যিহোৱাই তেওঁৰ দাসসকলৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।
Psalm 121:7 in Assamese 7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
Isaiah 47:4 in Assamese 4 আমাৰ মুক্তি দাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা।
Isaiah 63:9 in Assamese 9 তেওঁলোকৰ সমস্ত দূখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্ব্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
Jeremiah 14:9 in Assamese 9 তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
Hosea 12:4 in Assamese 4 তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎ-এলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
Amos 9:12 in Assamese 12 যাতে ইস্রায়েলে ইদোমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে।” যি জনে এই সকলো কার্য কৰে, সেই জন ঈশ্বৰ যিহোৱাই এই কথা ঘোষণা কৰিছে।
Malachi 3:1 in Assamese 1 বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ যুগুত কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
John 17:15 in Assamese 15 তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক পাপ আত্মাৰ শক্তিৰ পৰা ৰক্ষা কৰা।
Acts 7:30 in Assamese 30 এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
Acts 15:17 in Assamese 17 যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
Romans 8:23 in Assamese 23 অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।
1 Corinthians 10:4 in Assamese 4 আৰু সকলোৱেই একে আত্মিক জল পান কৰিছিল৷ কিয়নো যি আত্মিক শিল তেওঁলোকৰ লগত গৈছিল, সেই শিলেই খ্ৰীষ্ট।
1 Corinthians 10:9 in Assamese 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন প্ৰভুক পৰীক্ষা নকৰোঁ।
2 Timothy 4:18 in Assamese 18 প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
Titus 2:14 in Assamese 14 আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উৎসাহী হওঁ।
Hebrews 11:21 in Assamese 21 বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি আৰাধনাও কৰিলে।