Genesis 40 in Assamese

1 এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি প্রস্তুতকাৰীয়ে (চাংমাই) তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে।

2 ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল।

3 তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক-প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে।

4 প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল।

5 এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল।

6 ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে।

7 তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?”

8 তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।”

9 তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলো;

10 সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল।

11 ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।”

12 যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়।

13 তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।

14 তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;

15 কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।

16 প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওধ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলো;

17 তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।”

18 তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিয়ে তিনি দিন বুজায়;

19 তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আঁৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।”

20 পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসসকলৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসসকলতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে।

21 তেওঁ প্ৰধান পান-পাত্ৰ ধৰোতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে।

22 কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল।

23 কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।