Genesis 4:7 in Assamese 7 তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
Other Translations King James Version (KJV) If thou doest well, shalt thou not be accepted? and if thou doest not well, sin lieth at the door. And unto thee shall be his desire, and thou shalt rule over him.
American Standard Version (ASV) If thou doest well, shall it not be lifted up? and if thou doest not well, sin coucheth at the door: and unto thee shall be its desire, but do thou rule over it.
Bible in Basic English (BBE) If you do well, will you not have honour? and if you do wrong, sin is waiting at the door, desiring to have you, but do not let it be your master.
Darby English Bible (DBY) If thou doest well, will not [thy countenance] look up [with confidence]? and if thou doest not well, sin lieth at the door; and unto thee [shall be] his desire, and thou shalt rule over him.
Webster's Bible (WBT) If thou doest well, shalt thou not be accepted? and if thou doest not well, sin lieth at the door. And to thee shall be his desire, and thou shalt rule over him.
World English Bible (WEB) If you do well, will it not be lifted up? If you don't do well, sin crouches at the door. Its desire is for you, but you are to rule over it."
Young's Literal Translation (YLT) Is there not, if thou dost well, acceptance? and if thou dost not well, at the opening a sin-offering is crouching, and unto thee its desire, and thou rulest over it.'
Cross Reference Genesis 3:16 in Assamese 16 তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।”
Genesis 4:8 in Assamese 8 তাৰপাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
Genesis 19:21 in Assamese 21 তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলো। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
Numbers 32:23 in Assamese 23 কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
2 Samuel 24:23 in Assamese 23 হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
2 Kings 8:28 in Assamese 28 পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাট কৰিলে।
Job 29:4 in Assamese 4 যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
Job 42:8 in Assamese 8 এই হেতুকে তোমালোকে সাতোটা ভঁতৰা, আৰু সাতোঁটা মতা মেষ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
Proverbs 18:5 in Assamese 5 দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
Proverbs 21:27 in Assamese 27 দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
Ecclesiastes 8:12 in Assamese 12 পাপী লোকে যদিও এশটা কুকৰ্ম্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
Isaiah 3:10 in Assamese 10 তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
Jeremiah 6:20 in Assamese 20 চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে? তোমালোকৰ হোম-বলিবোৰ গ্ৰহনীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।
Malachi 1:8 in Assamese 8 তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে।
Malachi 1:10 in Assamese 10 “ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসর্গ গ্ৰহণ নকৰিম।
Malachi 1:13 in Assamese 13 তোমালোকে পুনৰ কৈছা, ‘এয়া কি যে কষ্টকৰ’ আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূর্ণ হেষ্রাধ্বনি (নাকেৰে কৰা শব্দ) কৰা;” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকেতো লুট কৰা, খোৰা আৰু ৰোগীয়া পশু আনি বলি উৎসর্গৰ কাৰণে দিয়া! মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম?” ইয়াক যিহোৱাই কৈছে,
Acts 10:35 in Assamese 35 বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰহণযোগ্য হয়৷
Romans 2:6 in Assamese 6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;
Romans 6:16 in Assamese 16 মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
Romans 7:8 in Assamese 8 কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
Romans 12:1 in Assamese 1 এতেকে, হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ আত্মিক আৰাধনা।
Romans 15:16 in Assamese 16 অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হ’বলৈ মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ পুৰোহিতৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
Ephesians 1:6 in Assamese 6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
1 Timothy 5:4 in Assamese 4 কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
Hebrews 11:4 in Assamese 4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়ে তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।
James 1:15 in Assamese 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
1 Peter 2:5 in Assamese 5 আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।