Genesis 35:2 in Assamese 2 তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।
Other Translations King James Version (KJV) Then Jacob said unto his household, and to all that were with him, Put away the strange gods that are among you, and be clean, and change your garments:
American Standard Version (ASV) Then Jacob said unto his household, and to all that were with him, Put away the foreign gods that are among you, and purify yourselves, and change your garments:
Bible in Basic English (BBE) Then Jacob said to all his people, Put away the strange gods which are among you, and make yourselves clean, and put on a change of clothing:
Darby English Bible (DBY) And Jacob said to his household, and to all that were with him, Put away the strange gods that are among you, and cleanse yourselves, and change your garments;
Webster's Bible (WBT) Then Jacob said to his household, and to all that were with him, Put away the strange gods that are among you, and be clean, and change your garments:
World English Bible (WEB) Then Jacob said to his household, and to all who were with him, "Put away the foreign gods that are among you, purify yourselves, change your garments.
Young's Literal Translation (YLT) And Jacob saith unto his household, and unto all who `are' with him, `Turn aside the gods of the stranger which `are' in your midst, and cleanse yourselves, and change your garments;
Cross Reference Genesis 18:19 in Assamese 19 মই তেওঁক মনোনীত কৰিলো যেন তেওঁ নিজৰ সন্তানসকলক আৰু ঘৰৰ ভাবী-সন্তানসকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
Genesis 31:19 in Assamese 19 সেই সময়ত লাবনে তেওঁৰ ভেড়াবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।
Genesis 31:34 in Assamese 34 কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।
Genesis 34:2 in Assamese 2 তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
Genesis 34:24 in Assamese 24 তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল।
Genesis 35:22 in Assamese 22 ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।
Exodus 19:10 in Assamese 10 যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
Exodus 19:14 in Assamese 14 তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
Exodus 20:3 in Assamese 3 মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
Exodus 23:13 in Assamese 13 মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক।
Leviticus 15:5 in Assamese 5 যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Leviticus 17:16 in Assamese 16 কিন্তু যদি তেওঁ নিজ বস্ত্ৰ বা গা নুধোৱে, তেতিয়া তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
Numbers 31:24 in Assamese 24 আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধোবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
Deuteronomy 5:7 in Assamese 7 মোৰ আগত আন কোনো দেৱতা নাথাকক।
Deuteronomy 6:14 in Assamese 14 আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
Deuteronomy 7:25 in Assamese 25 আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
Deuteronomy 11:28 in Assamese 28 কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
Deuteronomy 32:16 in Assamese 16 তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
Joshua 23:7 in Assamese 7 তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতিসকলৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
Joshua 24:2 in Assamese 2 যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ - নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
Joshua 24:15 in Assamese 15 যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
Joshua 24:20 in Assamese 20 তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
Joshua 24:23 in Assamese 23 তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
Judges 10:16 in Assamese 16 তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
Ruth 1:15 in Assamese 15 তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
1 Samuel 7:3 in Assamese 3 চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ ফিলিষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”
2 Samuel 7:23 in Assamese 23 আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
2 Kings 5:10 in Assamese 10 ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
2 Kings 5:12 in Assamese 12 ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
2 Kings 17:29 in Assamese 29 তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
1 Chronicles 16:26 in Assamese 26 কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
Job 1:5 in Assamese 5 পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পৱিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়েহে ইয়োবে সদায় এইদৰে কৰে।
Psalm 51:2 in Assamese 2 মোৰ সকলো অধৰ্ম্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
Psalm 51:7 in Assamese 7 এচোব বনেৰে তুমি মোৰ পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হম।
Psalm 101:2 in Assamese 2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
Ecclesiastes 5:1 in Assamese 1 ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
Isaiah 1:16 in Assamese 16 নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
Isaiah 52:11 in Assamese 11 তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
Jeremiah 5:7 in Assamese 7 ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তানসকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।
Jeremiah 13:27 in Assamese 27 চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কু-কৰ্ম্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
Jeremiah 16:20 in Assamese 20 যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
Ezekiel 18:31 in Assamese 31 যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?
Ezekiel 20:7 in Assamese 7 মই তেওঁলোকক কৈছিলো, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
Ezekiel 36:25 in Assamese 25 তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
Daniel 5:4 in Assamese 4 তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।
John 13:10 in Assamese 10 যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
Acts 19:26 in Assamese 26 কিন্তু ‘যিবোৰ হাতেৰে সাজে, সেইবোৰ ঈশ্বৰ নহয়’ পৌলে এই কথা কৈ, অকল ইফিচৰ নহয়, প্ৰায় গোটেই এচিয়াত বহু লোকক প্ৰভাম্বিত কৰি অপথে নিলে, ইয়াক আপোনালোকে দেখিছে আৰু শুনিও আছে।
1 Corinthians 10:7 in Assamese 7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
2 Corinthians 6:15 in Assamese 15 বেলিয়াল (চয়তান)ৰ সৈতে খ্ৰীষ্টৰ কি ঐক্য? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক?
2 Corinthians 7:1 in Assamese 1 এই হেতুকে, হে প্ৰিয় ভাইসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাৰ পাছত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
Galatians 4:8 in Assamese 8 পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ সেৱাকৰ্ম কৰিছিল।
Hebrews 10:22 in Assamese 22 সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
James 4:8 in Assamese 8 ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
1 Peter 2:1 in Assamese 1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷
Jude 1:23 in Assamese 23 কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।