Genesis 31:24 in Assamese 24 কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।”
Other Translations King James Version (KJV) And God came to Laban the Syrian in a dream by night, and said unto him, Take heed that thou speak not to Jacob either good or bad.
American Standard Version (ASV) And God came to Laban the Syrian in a dream of the night, and said unto him, Take heed to thyself that thou speak not to Jacob either good or bad.
Bible in Basic English (BBE) Then God came to Laban in a dream by night, and said to him, Take care that you say nothing good or bad to Jacob.
Darby English Bible (DBY) And God came to Laban the Syrian in a dream by night, and said to him, Take care thou speak not to Jacob either good or bad.
Webster's Bible (WBT) And God came to Laban, the Syrian, in a dream by night, and said to him, Take heed that thou speak not to Jacob either good or bad.
World English Bible (WEB) God came to Laban, the Syrian, in a dream of the night, and said to him, "Take heed to yourself that you don't speak to Jacob either good or bad."
Young's Literal Translation (YLT) And God cometh in unto Laban the Aramaean in a dream of the night, and saith to him, `Take heed to thyself lest thou speak with Jacob from good unto evil.'
Cross Reference Genesis 20:3 in Assamese 3 কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
Genesis 24:50 in Assamese 50 তেতিয়া লাবন আৰু বথুৱেলে উত্তৰ দি ক’লে, “এই বিষয় যিহোৱাৰ পৰা আহিল; সেয়েহে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক’ব নোৱাৰিম।
Genesis 28:5 in Assamese 5 এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথুৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
Genesis 31:10 in Assamese 10 এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলো। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আচঁ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।
Genesis 31:29 in Assamese 29 তোমালোকৰ ক্ষতি কৰিবৰ ক্ষমতা মোৰ আছে, কিন্তু যোৱা ৰাতি তোমাৰ পিতৃৰ ঈশ্বৰে মোক এই কথা ক’লে, ‘সাৱধান, যাকোবক তুমি ভাল কি বেয়া একোকে নক’বা।’
Genesis 31:42 in Assamese 42 মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেতেঁন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
Genesis 40:5 in Assamese 5 এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল।
Genesis 41:1 in Assamese 1 এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।
Numbers 12:6 in Assamese 6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
Numbers 22:20 in Assamese 20 পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
Numbers 22:26 in Assamese 26 যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
Numbers 24:13 in Assamese 13 ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
Deuteronomy 26:5 in Assamese 5 তাৰপাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
2 Samuel 13:22 in Assamese 22 আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
1 Kings 3:5 in Assamese 5 গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
Job 33:15 in Assamese 15 যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
Job 33:25 in Assamese 25 তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
Psalm 105:14 in Assamese 14 তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
Isaiah 37:29 in Assamese 29 তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
Hosea 12:12 in Assamese 12 যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে ভেড়া চৰোৱাৰ কার্য কৰিছিল।
Matthew 1:20 in Assamese 20 কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত আবিৰ্ভুত হৈ তেওঁক ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
Matthew 2:12 in Assamese 12 পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধান বাণী পোৱাত, তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উভটি গ’ল।
Matthew 27:19 in Assamese 19 পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’।