Genesis 22:17 in Assamese 17 মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।
Other Translations King James Version (KJV) That in blessing I will bless thee, and in multiplying I will multiply thy seed as the stars of the heaven, and as the sand which is upon the sea shore; and thy seed shall possess the gate of his enemies;
American Standard Version (ASV) that in blessing I will bless thee, and in multiplying I will multiply thy seed as the stars of the heavens, and as the sand which is upon the seashore. And thy seed shall possess the gate of his enemies.
Bible in Basic English (BBE) That I will certainly give you my blessing, and your seed will be increased like the stars of heaven and the sand by the seaside; your seed will take the land of those who are against them;
Darby English Bible (DBY) I will richly bless thee, and greatly multiply thy seed, as the stars of heaven, and as the sand that is on the sea-shore; and thy seed shall possess the gate of his enemies;
Webster's Bible (WBT) That in blessing I will bless thee, and in multiplying I will multiply thy seed as the stars of heaven, and as the sand which is on the sea shore; and thy seed shall possess the gate of his enemies;
World English Bible (WEB) that in blessing I will bless you, and in multiplying I will multiply your seed as the stars of the heavens, and as the sand which is on the seashore. Your seed will possess the gate of his enemies.
Young's Literal Translation (YLT) that blessing I bless thee, and multiplying I multiply thy seed as stars of the heavens, and as sand which `is' on the sea-shore; and thy seed doth possess the gate of his enemies;
Cross Reference Genesis 12:2 in Assamese 2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
Genesis 13:16 in Assamese 16 মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
Genesis 15:5 in Assamese 5 তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
Genesis 17:6 in Assamese 6 মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
Genesis 24:60 in Assamese 60 তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
Genesis 26:4 in Assamese 4 মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
Genesis 27:28 in Assamese 28 ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে।
Genesis 28:3 in Assamese 3 সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতিসমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
Genesis 28:14 in Assamese 14 তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
Genesis 32:12 in Assamese 12 কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’”
Genesis 49:25 in Assamese 25 কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
Numbers 24:17 in Assamese 17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
Deuteronomy 1:10 in Assamese 10 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
Deuteronomy 21:19 in Assamese 19 সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়সস্তসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
Deuteronomy 28:2 in Assamese 2 আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব।
Joshua 1:1 in Assamese 1 যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,
2 Samuel 8:1 in Assamese 1 ইয়াৰ পাছত দায়ূদে ফিলিষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
2 Samuel 10:1 in Assamese 1 পাছত অম্মোনৰ সন্তানসকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।
1 Kings 9:26 in Assamese 26 ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
Psalm 2:8 in Assamese 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
Psalm 72:8 in Assamese 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
Jeremiah 32:22 in Assamese 22 আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
Jeremiah 33:22 in Assamese 22 সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি, আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ূদৰ বংশৰ আৰু মোৰ পৰিচৰ্য্যা কৰোঁতা লেবিয়াসকলক বৃদ্ধি কৰিম।”
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Micah 1:9 in Assamese 9 তেওঁৰ ঘাবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।
Luke 1:68 in Assamese 68 ‘ইস্রায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
1 Corinthians 15:57 in Assamese 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
Ephesians 1:3 in Assamese 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”