Genesis 20:7 in Assamese 7 গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া উভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।
Other Translations King James Version (KJV) Now therefore restore the man his wife; for he is a prophet, and he shall pray for thee, and thou shalt live: and if thou restore her not, know thou that thou shalt surely die, thou, and all that are thine.
American Standard Version (ASV) Now therefore restore the man's wife. For he is a prophet, and he shall pray for thee, and thou shalt live. And if thou restore her not, know thou that thou shalt surely die, thou, and all that are thine.
Bible in Basic English (BBE) So now, give the man back his wife, for he is a prophet, and let him say a prayer for you, so your life may be safe: but if you do not give her back, be certain that death will come to you and all your house.
Darby English Bible (DBY) And now, restore the man's wife; for he is a prophet, and will pray for thee, that thou mayest live. And if thou do not restore [her], know that thou shalt certainly die, thou and all that is thine.
Webster's Bible (WBT) Now therefore restore to the man his wife, for he is a prophet, and he shall pray for thee, and thou shalt live: and if thou shalt not restore her, know thou that thou shalt surely die, thou and all that are thine.
World English Bible (WEB) Now therefore, restore the man's wife. For he is a prophet, and he will pray for you, and you will live. If you don't restore her, know for sure that you will die, you, and all who are yours."
Young's Literal Translation (YLT) and now send back the man's wife, for he `is' inspired, and he doth pray for thee, and live thou; and if thou do not send back, know that dying thou dost die, thou, and all that thou hast.'
Cross Reference Genesis 2:17 in Assamese 17 কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
Genesis 12:15 in Assamese 15 ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।
Genesis 12:17 in Assamese 17 কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।
Genesis 20:18 in Assamese 18 কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।
Exodus 4:16 in Assamese 16 তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্বৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
Exodus 7:1 in Assamese 1 তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৌৰণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায় হাৰোণ তোমাৰ ভাববাদী হ’ব।
Exodus 12:1 in Assamese 1 যিহোৱাই মিচৰ দেশত মোচি আৰু হাৰোণৰ সৈতে কথা পাতিলে। তেওঁ ক’লে,
Exodus 18:17 in Assamese 17 তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
Leviticus 6:4 in Assamese 4 সেইবোৰৰ এটা কৰ্ম্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।
Leviticus 6:7 in Assamese 7 পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্ম্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব।
Numbers 16:32 in Assamese 32 আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
1 Samuel 7:5 in Assamese 5 তাৰ পাছত চমূৱেলে ক’লে, “তোমালোকে গোটেই ইস্ৰায়েলক মিস্পাত গোটোৱা; সেই ঠাইত মই তোমালোকৰ অৰ্থে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম।”
1 Samuel 7:8 in Assamese 8 তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে চমূৱেলক ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাই ফিলিষ্টীয়াসকলৰ হাতৰ পৰা যেন আমাক উদ্ধাৰ কৰে, এই কাৰণে আপুনি তেওঁৰ আগত আমাৰ অৰ্থে কাতৰোক্তি কৰিবলৈ নেৰিব।”
1 Samuel 12:19 in Assamese 19 তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰনে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
1 Samuel 12:23 in Assamese 23 মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
2 Samuel 24:17 in Assamese 17 পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেষবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”
1 Kings 13:6 in Assamese 6 তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
1 Kings 18:1 in Assamese 1 বহুদিনৰ পাছত যিহোৱাৰ বাক্য এলিয়ালৈ আহিল; সেয়া আছিল বৰষুন নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহোৱাই ক’লে, “তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম।”
2 Kings 5:11 in Assamese 11 তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
2 Kings 19:2 in Assamese 2 চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাৱবাদীৰ ওচৰলৈ পঠালে।
1 Chronicles 16:22 in Assamese 22 তেওঁ কৈছিল, “তোমালোকে মোৰ অভিষিক্ত সকলক নুচুবা, আৰু মোৰ ভাববাদী সকলৰ কোনো অনিষ্ট নকৰিবা।”
Job 34:19 in Assamese 19 তেন্তে, যি জনাই অধ্যক্ষবিলাকক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
Job 42:8 in Assamese 8 এই হেতুকে তোমালোকে সাতোটা ভঁতৰা, আৰু সাতোঁটা মতা মেষ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
Psalm 25:14 in Assamese 14 যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
Psalm 105:9 in Assamese 9 সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
Jeremiah 14:11 in Assamese 11 যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
Jeremiah 15:1 in Assamese 1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
Jeremiah 27:18 in Assamese 18 কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
Ezekiel 3:18 in Assamese 18 ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্টলোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
Ezekiel 33:8 in Assamese 8 যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম!
Ezekiel 33:14 in Assamese 14 পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে-
1 Corinthians 14:4 in Assamese 4 যি জনৰ পৰভাষা ক’বলৈ ক্ষমতা আছে, তেওঁ নিজকে আত্মিকতাত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক বৃদ্ধি তোলে।
Hebrews 1:1 in Assamese 1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
Hebrews 13:4 in Assamese 4 সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
James 5:14 in Assamese 14 কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
1 John 5:16 in Assamese 16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি তেওঁ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
Revelation 11:5 in Assamese 5 তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।