Genesis 1:14 in Assamese 14 তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
Other Translations King James Version (KJV) And God said, Let there be lights in the firmament of the heaven to divide the day from the night; and let them be for signs, and for seasons, and for days, and years:
American Standard Version (ASV) And God said, Let there be lights in the firmament of heaven to divide the day from the night; and let them be for signs, and for seasons, and for days and years:
Bible in Basic English (BBE) And God said, Let there be lights in the arch of heaven, for a division between the day and the night, and let them be for signs, and for marking the changes of the year, and for days and for years:
Darby English Bible (DBY) And God said, Let there be lights in the expanse of the heavens, to divide between the day and the night; and let them be for signs, and for seasons, and for days and years;
Webster's Bible (WBT) And God said, Let there be lights in the firmament of the heaven, to divide the day from the night: and let them be for signs, and for seasons, and for days, and years.
World English Bible (WEB) God said, "Let there be lights in the expanse of sky to divide the day from the night; and let them be for signs, and for seasons, and for days and years;
Young's Literal Translation (YLT) And God saith, `Let luminaries be in the expanse of the heavens, to make a separation between the day and the night, then they have been for signs, and for seasons, and for days and years,
Cross Reference Genesis 8:22 in Assamese 22 যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”
Genesis 9:13 in Assamese 13 মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
Deuteronomy 4:19 in Assamese 19 আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
Job 3:9 in Assamese 9 সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
Job 25:3 in Assamese 3 তেওঁৰ বাহিনীবিলাকৰ সংখ্যা আছে নে? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?
Job 25:5 in Assamese 5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়।
Job 38:12 in Assamese 12 তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
Job 38:31 in Assamese 31 তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
Psalm 8:3 in Assamese 3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Psalm 19:1 in Assamese 1 গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।
Psalm 74:16 in Assamese 16 দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
Psalm 81:3 in Assamese 3 ন জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
Psalm 104:19 in Assamese 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মান কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্য্যই নিজৰ অস্ত যোৱা সময় জানে।
Psalm 119:91 in Assamese 91 তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
Psalm 136:7 in Assamese 7 যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 148:3 in Assamese 3 হে সূৰ্য্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
Psalm 148:6 in Assamese 6 তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
Isaiah 40:26 in Assamese 26 আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Jeremiah 10:2 in Assamese 2 যিহোৱাই এইদৰে কৈছে: তোমালোকে বিভিন্ন জাতিৰ ব্যৱহাৰ নিশিকিবা, আৰু আকাশ-মণ্ডলৰ নানা অদ্ভত লক্ষণ দেখি ব্যাকুল নহবা; কাৰণ বিভিন্ন জাতিয়েহে সেইবোৰ দেখি ব্যাকুল হয়।
Jeremiah 31:35 in Assamese 35 যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
Jeremiah 33:20 in Assamese 20 যিহোৱাই এই কথা কৈছে: দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা, যে, নিজ নিজ সময়ত দিন কি ৰাতি নহ’ব,
Jeremiah 33:25 in Assamese 25 মই যিহোৱাই এই কথা কৈছোঁ: দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয়, আৰু যদি মই স্ৱৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থকোঁ,
Ezekiel 32:7 in Assamese 7 আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্য্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
Ezekiel 46:1 in Assamese 1 প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।
Ezekiel 46:6 in Assamese 6 আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা ভেড়া পোৱালি আৰু এটা মতা ভেড়া হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।
Joel 2:10 in Assamese 10 সিহঁতৰ আগত পৃথিবী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
Joel 2:30 in Assamese 30 মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
Joel 3:15 in Assamese 15 সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
Amos 5:8 in Assamese 8 যি জনাই কৃত্তিকা আৰু মৃগশীৰ্ষ কালপুৰুষ নামৰ নক্ষত্র মণ্ডলীক নির্মাণ কৰিলে, অন্ধকাৰক পুৱাৰ পোহৰলৈ পৰিবৰ্তন কৰে, দিনক ৰাতিলৈ সলনি কৰে, যি জনাই সাগৰৰ জলসমূহক আহ্বান কৰি ভূমিৰ ওপৰত ঢালি দিয়ে, তেওঁৰ নাম যিহোৱা!
Amos 8:9 in Assamese 9 প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্য্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
Matthew 2:2 in Assamese 2 “ইহুদী সকলৰ যিজন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।”
Matthew 16:2 in Assamese 2 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হ’ব, কিয়নো আকাশ খন ৰঙা হৈছে।’
Matthew 24:29 in Assamese 29 কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
Mark 13:24 in Assamese 24 কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব
Luke 21:25 in Assamese 25 তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷
Luke 23:45 in Assamese 45 সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ খন মাজেদি ফাটি গ’ল।
Acts 2:19 in Assamese 19 আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
Revelation 6:12 in Assamese 12 পাছত মেষ পোৱালিটোৱে যেতিয়া ষষ্ঠ ছাবটো মেলিলে, তেতিয়া মই চাই দেখিলোঁ যে, মহা-ভুমিকম্প হ’বলৈ ধৰিলে; আৰু চট কাপোৰৰ নিচিনা সূৰ্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
Revelation 8:12 in Assamese 12 পাছত চতুৰ্থ দূতে বজাওঁতে, সূৰ্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হ’ল আৰু ৰাতিৰো সেইৰূপ হ’ল, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল।
Revelation 9:2 in Assamese 2 তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল।