Cross Reference Exodus 20:11 in Assamese 11 কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
1 Chronicles 16:26 in Assamese 26 কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
Nehemiah 9:6 in Assamese 6 আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতসকলৰ সৈতে, পৃথিবী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
Job 26:13 in Assamese 13 তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুঁচি মাৰিলে।
Job 38:4 in Assamese 4 যি সময়ত মই পৃথিবীৰ মুল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
Psalm 8:3 in Assamese 3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Psalm 33:6 in Assamese 6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
Psalm 33:9 in Assamese 9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
Psalm 89:11 in Assamese 11 আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
Psalm 90:2 in Assamese 2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃষ্টিৰ পূৰ্ব্বেই, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
Psalm 96:5 in Assamese 5 কিয়নো সকলো জাতিৰ দেৱতাসকল অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
Psalm 102:25 in Assamese 25 অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
Psalm 104:24 in Assamese 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Psalm 104:30 in Assamese 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নবীন কৰি তোলা।
Psalm 115:15 in Assamese 15 যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
Psalm 121:2 in Assamese 2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
Psalm 124:8 in Assamese 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
Psalm 134:3 in Assamese 3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
Psalm 136:5 in Assamese 5 যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 146:6 in Assamese 6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকাল বিশ্বস্ত থাকে।
Psalm 148:4 in Assamese 4 হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জলসমূহ, তেওঁৰ প্রশংসা কৰা!
Proverbs 3:19 in Assamese 19 যিহোৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিবী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Proverbs 8:22 in Assamese 22 যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্ব্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
Proverbs 16:4 in Assamese 4 যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
Ecclesiastes 12:1 in Assamese 1 বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোৱঁৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”
Isaiah 37:16 in Assamese 16 “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Isaiah 40:26 in Assamese 26 আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Isaiah 40:28 in Assamese 28 তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
Isaiah 42:5 in Assamese 5 যি জনাই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই জনাই পৃথিবী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:18 in Assamese 18 কোনে পৃথিবী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Isaiah 51:13 in Assamese 13 যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা ? কাৰণ যেতিয় অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীসকলৰ ক্ৰোধ ক’ত ?
Isaiah 51:16 in Assamese 16 মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰো, পৃথিবীৰ আধাৰশিলা স্হাপন কৰো, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
Isaiah 65:17 in Assamese 17 কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী সৃষ্টি কৰো; আৰু পূৰ্ব্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
Jeremiah 10:12 in Assamese 12 তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Jeremiah 51:15 in Assamese 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Zechariah 12:1 in Assamese 1 ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
Matthew 11:25 in Assamese 25 সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু জগতৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
Mark 13:19 in Assamese 19 কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ’বও।
John 1:1 in Assamese 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
Acts 4:24 in Assamese 24 এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰি ক’লে, “প্ৰভু, আকাশমণ্ডল, এই জগত, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Acts 17:24 in Assamese 24 ঈশ্বৰ, যি জন এই জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু এই জগতৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
Romans 1:19 in Assamese 19 কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক দেখুৱাই দিলে।
Romans 11:36 in Assamese 36 কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
1 Corinthians 8:6 in Assamese 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছোঁ। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট হ’ল আৰু আমিও জীয়াই আছোঁ।
Ephesians 3:9 in Assamese 9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।
Colossians 1:16 in Assamese 16 কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
Hebrews 1:10 in Assamese 10 “হে প্ৰভু, তুমি আদিতে এই জগতৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
Hebrews 3:4 in Assamese 4 কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
Hebrews 11:3 in Assamese 3 বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, এই জগত খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়।
2 Peter 3:5 in Assamese 5 কাৰণ তেওঁলোকে পূর্বে কি ঘটিছিল সেই বিষয়ক স্মৰণ নকৰি পাহৰি গ’ল৷ প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ’ল৷
1 John 1:1 in Assamese 1 যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
Revelation 3:14 in Assamese 14 লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসযোগ্য আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়;
Revelation 4:11 in Assamese 11 ‘হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
Revelation 10:6 in Assamese 6 আকাশমণ্ডল আৰু তাত যি যি আছে, এই জগত আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷
Revelation 14:7 in Assamese 7 তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, এই জগত, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।
Revelation 21:6 in Assamese 6 পাছত তেওঁ মোক ক’লে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
Revelation 22:13 in Assamese 13 মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত।