Galatians 5:13 in Assamese 13 হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
Other Translations King James Version (KJV) For, brethren, ye have been called unto liberty; only use not liberty for an occasion to the flesh, but by love serve one another.
American Standard Version (ASV) For ye, brethren, were called for freedom; only `use' not your freedom for an occasion to the flesh, but through love be servants one to another.
Bible in Basic English (BBE) Because you, brothers, were marked out to be free; only do not make use of your free condition to give the flesh its chance, but through love be servants one to another.
Darby English Bible (DBY) For *ye* have been called to liberty, brethren; only [do] not [turn] liberty into an opportunity to the flesh, but by love serve one another.
World English Bible (WEB) For you, brothers, were called for freedom. Only don't use your freedom for gain to the flesh, but through love be servants to one another.
Young's Literal Translation (YLT) For ye -- to freedom ye were called, brethren, only not the freedom for an occasion to the flesh, but through the love serve ye one another,
Cross Reference Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Mark 10:43 in Assamese 43 কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
John 8:32 in Assamese 32 আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
John 13:14 in Assamese 14 এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
Acts 20:35 in Assamese 35 সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল, ‘গ্ৰহণ কৰাতকৈ দান কৰা ধন্য’।”
Romans 6:18 in Assamese 18 আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস।
Romans 15:1 in Assamese 1 কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্বল লোক সকলৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত।
1 Corinthians 8:9 in Assamese 9 কিন্তু সাৱধান! যি সকল বিশ্বাসত দুর্বল, আপোনালোকৰ এই স্বাধীনতা সেই লোক সকললৈ যেন উজুটি খুউৱা মূঢ়াস্বৰূপ নহয়।
1 Corinthians 9:19 in Assamese 19 যদিও মই সকলোৰে পৰা স্বাধীন হওঁ, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
1 Corinthians 13:4 in Assamese 4 প্ৰেম সহনশীল আৰু স্নেহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী,
2 Corinthians 4:5 in Assamese 5 কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্ৰচাৰ কৰোঁ।
2 Corinthians 12:15 in Assamese 15 সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
Galatians 4:5 in Assamese 5 তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃত হওঁ৷
Galatians 4:22 in Assamese 22 কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; দাসীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
Galatians 5:14 in Assamese 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’৷
Galatians 5:22 in Assamese 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
Galatians 6:2 in Assamese 2 আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
Ephesians 5:21 in Assamese 21 খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।
James 2:15 in Assamese 15 কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
1 Peter 2:16 in Assamese 16 আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক।
2 Peter 2:19 in Assamese 19 এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
1 John 3:16 in Assamese 16 খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
Jude 1:4 in Assamese 4 কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।
Jude 1:10 in Assamese 10 কিন্তু তেওঁলোকে যি বিষয়ক নাজানে, সেই বিষয়কে নিন্দা কৰে; জ্ঞানহীন পশুবোৰৰ দৰে তেওঁলোকে যিহক স্বাভাৱিকৰূপে জানে, তাতেই নষ্ট হয়।