Galatians 3:1 in Assamese 1 হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্ৰুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
Other Translations King James Version (KJV) O foolish Galatians, who hath bewitched you, that ye should not obey the truth, before whose eyes Jesus Christ hath been evidently set forth, crucified among you?
American Standard Version (ASV) O foolish Galatians, who did bewitch you, before whose eyes Jesus Christ was openly set forth crucified?
Bible in Basic English (BBE) O foolish Galatians, by what strange powers have you been tricked, to whom it was made clear that Jesus Christ was put to death on the cross?
Darby English Bible (DBY) O senseless Galatians, who has bewitched you; to whom, as before your very eyes, Jesus Christ has been portrayed, crucified [among you]?
World English Bible (WEB) Foolish Galatians, who has bewitched you not to obey the truth, before whose eyes Jesus Christ was openly set forth among you as crucified?
Young's Literal Translation (YLT) O thoughtless Galatians, who did bewitch you, not to obey the truth -- before whose eyes Jesus Christ was described before among you crucified?
Cross Reference Deuteronomy 32:6 in Assamese 6 হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
1 Samuel 13:13 in Assamese 13 সেয়েহে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়লৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
Matthew 7:26 in Assamese 26 পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।
Matthew 24:24 in Assamese 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
Luke 24:25 in Assamese 25 যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
Acts 6:7 in Assamese 7 তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গ’ল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ল’লে।
Acts 8:9 in Assamese 9 সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাই আছিল।
Romans 2:8 in Assamese 8 কিন্তু স্বাৰ্থপৰ লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
Romans 6:17 in Assamese 17 কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
Romans 10:16 in Assamese 16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
1 Corinthians 1:23 in Assamese 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতা স্বৰূপ।
1 Corinthians 2:2 in Assamese 2 কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
1 Corinthians 11:26 in Assamese 26 কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।”
2 Corinthians 10:5 in Assamese 5 আমি ঈশ্বৰৰ জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা সকলো অহংকাৰৰ বিষয়বোৰ ভাঙি পেলালো, আৰু সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
2 Corinthians 11:3 in Assamese 3 কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
2 Corinthians 11:13 in Assamese 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
Galatians 1:6 in Assamese 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
Galatians 2:14 in Assamese 14 কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
Galatians 3:3 in Assamese 3 আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে?
Galatians 4:9 in Assamese 9 কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন জগতৰ প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
Galatians 5:7 in Assamese 7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
Ephesians 3:8 in Assamese 8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই অনুগ্ৰহ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
Ephesians 4:14 in Assamese 14 তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
Ephesians 5:15 in Assamese 15 এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
1 Timothy 6:4 in Assamese 4 তেওঁ অহংকাৰী আৰু একোকে নাজানে। তেওঁ বাগযুদ্ধৰ যোগেদি অনৰ্থক বাদ-বিবাদ কৰে; এইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
Hebrews 5:9 in Assamese 9 এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হ’ল;
Hebrews 11:8 in Assamese 8 অব্ৰাহামে বিশ্বাস গুণে যি দেশলৈ তেওঁক আহ্বান কৰিছিল, উত্তৰাধিকাৰ গ্ৰহন কৰিবৰ বাবে সেই দেশলৈ তেওঁ বাধ্য হৈ গ’ল; কিন্তু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
1 Peter 1:22 in Assamese 22 আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ প্ৰাণ শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
1 Peter 4:17 in Assamese 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
2 Peter 2:18 in Assamese 18 কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
Revelation 2:20 in Assamese 20 তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাৱবাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
Revelation 13:13 in Assamese 13 সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷
Revelation 18:3 in Assamese 3 কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”