Ezra 9:8 in Assamese 8 তথাপিও এতিয়া কিছু সময়ৰ কাৰণে, আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্ৱৰ যিহোৱাৰ অনুগ্রহ অৱস্থিত হ’ল আৰু তেওঁৰ পবিত্র স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দিপ্তিময় কৰা বাবে আৰু আমাক বন্দীত্ৱৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলোঁ হ’ল।
Other Translations King James Version (KJV) And now for a little space grace hath been shewed from the LORD our God, to leave us a remnant to escape, and to give us a nail in his holy place, that our God may lighten our eyes, and give us a little reviving in our bondage.
American Standard Version (ASV) And now for a little moment grace hath been showed from Jehovah our God, to leave us a remnant to escape, and to give us a nail in his holy place, that our God may lighten our eyes, and give us a little reviving in our bondage.
Bible in Basic English (BBE) And now for a little time grace has come to us from the Lord our God, to let a small band of us get free and to give us a nail in his holy place, so that our God may give light to our eyes and a measure of new life in our prison chains.
Darby English Bible (DBY) And now for a little space there hath been favour from Jehovah our God, to leave us a remnant to escape, and to give us a nail in his holy place, that our God may lighten our eyes, and give us a little reviving in our bondage.
Webster's Bible (WBT) And now for a little space grace hath been shown from the LORD our God, to leave us a remnant to escape, and to give us a nail in his holy place, that our God may lighten our eyes, and give us a little reviving in our bondage.
World English Bible (WEB) Now for a little moment grace has been shown from Yahweh our God, to leave us a remnant to escape, and to give us a nail in his holy place, that our God may lighten our eyes, and give us a little reviving in our bondage.
Young's Literal Translation (YLT) `And now, as a small moment hath grace been from Jehovah our God, to leave to us an escape, and to give to us a nail in His holy place, by our God's enlightening our eyes, and by giving us a little quickening in our servitude;
Cross Reference 1 Samuel 14:27 in Assamese 27 কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
1 Samuel 14:29 in Assamese 29 তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকনমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
2 Kings 19:30 in Assamese 30 যিহূদাৰ জনগোষ্ঠীৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
Ezra 9:9 in Assamese 9 আমি বন্দী হৈ আছিলো, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে, তেওঁ আমাৰ বাবে বিশ্ৱাসৰ গুৰুত্ৱপূৰ্ণ প্রতিশ্রুতি আগবঢ়ালে। আমি ধ্ৱংস হৈ যোৱা আমাৰ ঈশ্ৱৰৰ গৃহ যাতে পুনৰ নিৰ্ম্মাণ কৰিব পাৰো, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি যিহূদা আৰু যিৰূচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাৰিলো।
Ezra 9:13 in Assamese 13 আমাৰ কু-ক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছত, আমাৰ ঈশ্বৰ যি আপুনি, আপুনি আমাৰ অপৰাধৰ পাবলগা দণ্ড কম কৰি, আমাক জীৱিত কৰি ৰাখিলে।
Nehemiah 1:11 in Assamese 11 হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।” মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।
Nehemiah 9:31 in Assamese 31 কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্ৱৰ।
Job 33:30 in Assamese 30 ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে।
Psalm 13:3 in Assamese 3 হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
Psalm 34:5 in Assamese 5 তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
Psalm 85:6 in Assamese 6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
Psalm 138:7 in Assamese 7 যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
Ecclesiastes 12:11 in Assamese 11 জ্ঞানীলোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্র কৰিলে ভাৱ হয় সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়াৰ দ্বাৰাই দিয়া হৈছে।
Isaiah 1:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোহেঁতেন।
Isaiah 22:23 in Assamese 23 মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।
Isaiah 56:5 in Assamese 5 তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।”
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Jeremiah 42:2 in Assamese 2 তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।
Jeremiah 44:14 in Assamese 14 তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”
Ezekiel 6:8 in Assamese 8 তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।
Ezekiel 14:22 in Assamese 22 তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
Ezekiel 37:11 in Assamese 11 আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
Hosea 6:2 in Assamese 2 দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰো।
Habakkuk 3:2 in Assamese 2 হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে! হে যিহোৱা, এই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক, আৰু এই সময়ৰ ভিতৰতে আমাক জনাওঁক; ক্ৰোধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক।
Zechariah 8:6 in Assamese 6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব; মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Zechariah 8:12 in Assamese 12 “কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
Zechariah 10:4 in Assamese 4 তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
Romans 9:27 in Assamese 27 কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷
Romans 11:5 in Assamese 5 এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
Revelation 3:12 in Assamese 12 যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰ, যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব, তাৰ নাম আৰু মোৰ নতুন নাম লিখিম।