Ezekiel 7:11 in Assamese 11 দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল- তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন-সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিব।
Other Translations King James Version (KJV) Violence is risen up into a rod of wickedness: none of them shall remain, nor of their multitude, nor of any of their's: neither shall there be wailing for them.
American Standard Version (ASV) Violence is risen up into a rod of wickedness; none of them `shall remain', nor of their multitude, nor of their wealth: neither shall there be eminency among them.
Bible in Basic English (BBE) Violent behaviour has been lifted up into a rod of evil; it will not be slow in coming, it will not keep back.
Darby English Bible (DBY) Violence is risen up into a rod of wickedness: nothing of them [shall remain], nor of their multitude, nor of their wealth, nor of the magnificence in the midst of them.
World English Bible (WEB) Violence is risen up into a rod of wickedness; none of them [shall remain], nor of their multitude, nor of their wealth: neither shall there be eminency among them.
Young's Literal Translation (YLT) The violence hath risen to a rod of wickedness, There is none of them, nor of their multitude, Nor of their noise, nor is there wailing for them.
Cross Reference Psalm 78:64 in Assamese 64 তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
Isaiah 5:7 in Assamese 7 কিয়নো ইস্ৰায়েল বংশৰ বাহিনীসকলৰ যিহোৱাৰ দ্ৰাক্ষাবাৰী, আৰু যিহূদাৰ লোকসকল তেওঁৰ আনন্দদায়ক গছ ৰোৱা লোক; তেওঁ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে তাত হত্যা কৰা হৈছিল; ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু তাৰপৰিৱৰ্তে সহায়ৰ বাবে ক্রন্দন হৈছিল।
Isaiah 9:4 in Assamese 4 কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
Isaiah 14:29 in Assamese 29 হে ফিলিষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাঁতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালীবোৰ অগ্নিসাদৃশ উৰণীয়া সাপ হ’ব।
Isaiah 59:6 in Assamese 6 তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে বৱ্যহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্ম্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।
Jeremiah 6:7 in Assamese 7 যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
Jeremiah 16:5 in Assamese 5 কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
Jeremiah 22:18 in Assamese 18 এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকিমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
Jeremiah 25:33 in Assamese 33 সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
Ezekiel 5:4 in Assamese 4 তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
Ezekiel 5:11 in Assamese 11 এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্য্যেৰে তুমি মোৰ পবিত্ৰস্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।
Ezekiel 6:11 in Assamese 11 প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব।
Ezekiel 7:2 in Assamese 2 “তোমালোক, হে মনুষ্য সন্তান - প্ৰভু যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে: এয়ে অন্ত! দেশৰ চাৰি সীমালৈ অন্ত আহিল!
Ezekiel 7:16 in Assamese 16 কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।
Ezekiel 7:23 in Assamese 23 তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।
Ezekiel 24:16 in Assamese 16 “হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক।
Amos 3:10 in Assamese 10 কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
Amos 6:3 in Assamese 3 তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।
Micah 2:2 in Assamese 2 তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে।
Micah 3:3 in Assamese 3 তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহিত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
Micah 6:12 in Assamese 12 ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
Zephaniah 1:18 in Assamese 18 যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
James 2:13 in Assamese 13 কিয়নো যি জনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!