Ezekiel 44:7 in Assamese 7 হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্ম্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্ম্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
Other Translations King James Version (KJV) In that ye have brought into my sanctuary strangers, uncircumcised in heart, and uncircumcised in flesh, to be in my sanctuary, to pollute it, even my house, when ye offer my bread, the fat and the blood, and they have broken my covenant because of all your abominations.
American Standard Version (ASV) in that ye have brought in foreigners, uncircumcised in heart and uncircumcised in flesh, to be in my sanctuary, to profane it, even my house, when ye offer my bread, the fat and the blood, and they have broken my covenant, `to add' unto all your abominations.
Bible in Basic English (BBE) To have let men from strange lands, without circumcision of heart or flesh, come into my holy place, making my house unclean; and to have made the offering of my food, even the fat and the blood; and in addition to all your disgusting ways, you have let my agreement be broken.
Darby English Bible (DBY) in that ye have brought strangers, uncircumcised in heart and uncircumcised in flesh, to be in my sanctuary, to profane it, [even] my house, when ye offered my bread, the fat and the blood; and they have broken my covenant besides all your abominations.
World English Bible (WEB) in that you have brought in foreigners, uncircumcised in heart and uncircumcised in flesh, to be in my sanctuary, to profane it, even my house, when you offer my bread, the fat and the blood, and they have broken my covenant, [to add] to all your abominations.
Young's Literal Translation (YLT) In your bringing in sons of a stranger, uncircumcised of heart, and uncircumcised of flesh, to be in My sanctuary, to pollute it, even My house, in your bringing near My bread, fat, and blood, and they break My covenant by all your abominations,
Cross Reference Genesis 17:14 in Assamese 14 যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
Exodus 12:48 in Assamese 48 তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহোৱাৰ নিস্তাৰ পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁৰ পৰিয়ালৰ সকলো পুৰুষে চুন্নৎ কৰিব লাগিব। তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ’ব। অৱশ্যে চুন্নৎ নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে।
Leviticus 3:13 in Assamese 13 তেওঁ সেই ছাগলীৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
Leviticus 17:11 in Assamese 11 কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক!
Leviticus 21:6 in Assamese 6 তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
Leviticus 21:8 in Assamese 8 এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ “ভক্ষ্য দ্ৰব্য” উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোতাঁ যিহোৱা যি মই, মই পবিত্ৰ।
Leviticus 21:17 in Assamese 17 “তুমি হাৰোণক কোৱা, ‘পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Leviticus 21:21 in Assamese 21 আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Leviticus 22:25 in Assamese 25 আৰু বিদেশীৰ হাতৰ পৰাও সেইবোৰৰ মাজৰ কিবা লৈ, তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
Leviticus 26:15 in Assamese 15 মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা;
Leviticus 26:41 in Assamese 41 মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নত মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
Deuteronomy 10:16 in Assamese 16 সেয়েহে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
Deuteronomy 30:6 in Assamese 6 আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।
Deuteronomy 31:16 in Assamese 16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হবা; এই লোকসমূহে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাসকলৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
Deuteronomy 31:20 in Assamese 20 কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
Isaiah 24:5 in Assamese 5 পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
Isaiah 56:6 in Assamese 6 যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্র নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
Jeremiah 4:4 in Assamese 4 হে যিহূদাৰ লোক, হে যিৰূচালেম-নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Jeremiah 9:26 in Assamese 26 মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তানসকল, মোৱাৱ আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতিসকল অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়ত অচুন্নৎ’।”
Jeremiah 11:10 in Assamese 10 তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
Jeremiah 31:32 in Assamese 32 মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ন স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
Ezekiel 7:20 in Assamese 20 তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।
Ezekiel 22:26 in Assamese 26 তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লোঁ।
Ezekiel 43:7 in Assamese 7 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তানসকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্ম্মেৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।
Ezekiel 44:9 in Assamese 9 প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তানসকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্ম্মধামত নোসোমাব।
Malachi 1:7 in Assamese 7 তোমালোকে মোৰ যজ্ঞ-বেদীৰ ওপৰত অশুচি খোৱা-বস্তু উৎসৰ্গ কৰিছা। তথপিও কৈছা, ‘আমি কেনেকৈ আপোনাক অশুচি কৰিলোঁ?’ এইকথা কওঁতেই যিহোৱাৰ মেজক ঘৃণিত কৰা হয়।
Malachi 1:12 in Assamese 12 “কিন্তু, তোমালোকেই ইয়াক অপবিত্র কৰিছা; কিয়নো তোমালোকে কৈছা, যিহোৱাৰ মেজ অশুচি; সেই মেজৰ ফল আৰু তাৰ খাদ্যক ঘৃণা কৰা হ’ব।
John 6:52 in Assamese 52 এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
Acts 7:51 in Assamese 51 হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
Acts 21:28 in Assamese 28 “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ, বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই সেই লোক। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অশুচি কৰিলে।”
Romans 2:28 in Assamese 28 কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হ’লেই প্ৰকৃত ইহুদী হ’ব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ, সেই চুন্নতো প্ৰকৃত চুন্নৎ নহয়;
Colossians 2:11 in Assamese 11 তেওঁতেই আপোনালোকো বিনাহাতে কৰা চুন্নতৰ যোগেদি চুন্নৎ কৰোৱা হ’ল, এয়া মাংসময় শৰীৰৰ পাপ স্বভাৱ কাটি পেলোৱাৰ দ্বাৰাই খ্ৰীষ্টত আপোনালোক চুন্নৎ হ’ল৷
Hebrews 8:9 in Assamese 9 যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহ’ব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই পুনৰ তেওঁলোকলৈ মনোযোগ নিদিলোঁ’৷ প্ৰভুৱে এই কথা কৈছে৷