Ezekiel 39:25 in Assamese 25 কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
Other Translations King James Version (KJV) Therefore thus saith the Lord GOD; Now will I bring again the captivity of Jacob, and have mercy upon the whole house of Israel, and will be jealous for my holy name;
American Standard Version (ASV) Therefore thus saith the Lord Jehovah: Now will I bring back the captivity of Jacob, and have mercy upon the whole house of Israel; and I will be jealous for my holy name.
Bible in Basic English (BBE) For this cause the Lord has said, Now I will let the fate of Jacob be changed, and I will have mercy on all the children of Israel, and will take care of the honour of my holy name.
Darby English Bible (DBY) Therefore, thus saith the Lord Jehovah: Now will I bring again the captivity of Jacob, and have mercy upon the whole house of Israel, and will be jealous for my holy name:
World English Bible (WEB) Therefore thus says the Lord Yahweh: Now will I bring back the captivity of Jacob, and have mercy on the whole house of Israel; and I will be jealous for my holy name.
Young's Literal Translation (YLT) Therefore, thus said the Lord Jehovah: Now do I bring back the captivity of Jacob, And I have pitied all the house of Israel, And have been zealous for My holy name.
Cross Reference Isaiah 27:12 in Assamese 12 সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।
Isaiah 56:8 in Assamese 8 যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম।
Jeremiah 3:18 in Assamese 18 সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
Jeremiah 23:3 in Assamese 3 আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাবন্ত হৈ বহুবংশ হব।
Jeremiah 30:3 in Assamese 3 কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
Jeremiah 30:10 in Assamese 10 এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
Jeremiah 30:18 in Assamese 18 যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
Jeremiah 31:1 in Assamese 1 “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
Jeremiah 31:3 in Assamese 3 যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
Jeremiah 32:37 in Assamese 37 চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খোৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
Jeremiah 33:7 in Assamese 7 কিয়নো মই যিহূদা আৰু ইস্ৰায়েলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু আগৰ দৰে পুনৰায় তেওঁলোকক স্থাপন কৰিম।
Ezekiel 20:40 in Assamese 40 কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
Ezekiel 34:13 in Assamese 13 তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
Ezekiel 36:4 in Assamese 4 এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -
Ezekiel 36:21 in Assamese 21 কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।
Ezekiel 37:21 in Assamese 21 আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তানসকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
Hosea 1:11 in Assamese 11 যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ`ব ।
Joel 2:18 in Assamese 18 তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ’ল।
Amos 9:14 in Assamese 14 বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম; তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব; তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব; তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব;
Zechariah 1:14 in Assamese 14 তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
Zechariah 8:2 in Assamese 2 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনৰ অৰ্থে মহা-অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’
Romans 11:26 in Assamese 26 এইদৰে সকলো ইস্ৰায়েলী লোকে উদ্ধাৰ পাব; এই বিষয়ে লিখাও আছে: ‘চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;