Ezekiel 37:6 in Assamese 6 আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”
Other Translations King James Version (KJV) And I will lay sinews upon you, and will bring up flesh upon you, and cover you with skin, and put breath in you, and ye shall live; and ye shall know that I am the LORD.
American Standard Version (ASV) And I will lay sinews upon you, and will bring up flesh upon you, and cover you with skin, and put breath in you, and ye shall live; and ye shall know that I am Jehovah.
Bible in Basic English (BBE) And I will put muscles on you and make flesh come on you, and put skin over you, and breath into you, so that you may have life; and you will be certain that I am the Lord.
Darby English Bible (DBY) And I will put sinews upon you, and will bring up flesh upon you, and cover you with skin, and put breath in you, and ye shall live: and ye shall know that I [am] Jehovah.
World English Bible (WEB) I will lay sinews on you, and will bring up flesh on you, and cover you with skin, and put breath in you, and you shall live; and you shall know that I am Yahweh.
Young's Literal Translation (YLT) and I have given on you sinews, and cause flesh to come up upon you, and covered you over with skin, and given in you a spirit, and ye have lived, and ye have known that I `am' Jehovah.'
Cross Reference Deuteronomy 29:6 in Assamese 6 আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
1 Kings 20:28 in Assamese 28 সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোকসমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
Isaiah 49:23 in Assamese 23 ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
Ezekiel 6:7 in Assamese 7 আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Ezekiel 6:13 in Assamese 13 য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
Ezekiel 7:4 in Assamese 4 কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম; কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাৰ মাজত থাকিব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Ezekiel 7:9 in Assamese 9 মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Ezekiel 11:10 in Assamese 10 তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Ezekiel 11:12 in Assamese 12 তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰেহে তোমালোকে কাৰ্য কৰি আছা।”
Ezekiel 20:38 in Assamese 38 আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব¨ তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
Ezekiel 28:22 in Assamese 22 আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
Ezekiel 32:15 in Assamese 15 “যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
Ezekiel 34:27 in Assamese 27 আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।
Ezekiel 35:9 in Assamese 9 মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Ezekiel 35:12 in Assamese 12 গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ।
Ezekiel 35:15 in Assamese 15 ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”
Ezekiel 37:14 in Assamese 14 আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহোৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
Ezekiel 38:23 in Assamese 23 আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
Ezekiel 39:6 in Assamese 6 ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।
Ezekiel 39:22 in Assamese 22 ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
Ezekiel 39:28 in Assamese 28 আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
Joel 2:27 in Assamese 27 তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব।
Joel 3:17 in Assamese 17 “তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।