Ezekiel 37:26 in Assamese 26 ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্ম্মধাম স্থাপন কৰিম।
Other Translations King James Version (KJV) Moreover I will make a covenant of peace with them; it shall be an everlasting covenant with them: and I will place them, and multiply them, and will set my sanctuary in the midst of them for evermore.
American Standard Version (ASV) Moreover I will make a covenant of peace with them; it shall be an everlasting covenant with them; and I will place them, and multiply them, and will set my sanctuary in the midst of them for evermore.
Bible in Basic English (BBE) And I will make an agreement of peace with them: it will be an eternal agreement with them: and I will have mercy on them and make their numbers great, and will put my holy place among them for ever.
Darby English Bible (DBY) And I will make a covenant of peace with them: it shall be an everlasting covenant with them; and I will place them, and multiply them, and will set my sanctuary in the midst of them for ever.
World English Bible (WEB) Moreover I will make a covenant of peace with them; it shall be an everlasting covenant with them; and I will place them, and multiply them, and will set my sanctuary in the midst of them forevermore.
Young's Literal Translation (YLT) And I have made to them a covenant of peace, A covenant age-during it is with them, And I have placed them, and multiplied them, And placed My sanctuary in their midst -- to the age.
Cross Reference Genesis 17:7 in Assamese 7 এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
Leviticus 26:11 in Assamese 11 মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব।
2 Samuel 23:5 in Assamese 5 স্বৰূপেই ইশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
1 Kings 8:20 in Assamese 20 এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ তাক সাম্ফলো কৰিছিল; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হৈ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
Psalm 68:18 in Assamese 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Psalm 89:3 in Assamese 3 তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
Isaiah 27:6 in Assamese 6 ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
Isaiah 49:21 in Assamese 21 তেতিয়া তোমালোকে নিজকে কবা,“কোনে মোৰ কাৰণে এই সন্তান জন্ম দিলে?” মই সন্তাপ আৰু বাঁজী, দেশান্তৰিত আৰু বিবাহ-বিচ্ছেদ ব্যক্তি আছিলো। এই সন্তানসকলক কোনে প্রতিপালন কৰিলে? চোৱা, মোক অকলে এৰিলে; এইসকল ক’ৰ পৰা আহিলে?’”
Isaiah 55:3 in Assamese 3 মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্বয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্বাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।
Isaiah 59:20 in Assamese 20 “চিয়োনলৈ, আৰু যাকোবৰ মাজত থকা অপৰাধৰ পৰা ঘূৰাসকলৰ ওচৰলৈ এজন মুক্তিদাতা আহিব,” এয়ে যিহোৱাৰ ঘোষণা।
Jeremiah 30:19 in Assamese 19 আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলো কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
Jeremiah 31:27 in Assamese 27 যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
Jeremiah 32:40 in Assamese 40 তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
Ezekiel 11:16 in Assamese 16 এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতিসকলৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্ম্মধাম হৈ আছিলোঁ।’
Ezekiel 16:62 in Assamese 62 আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্য্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।”
Ezekiel 34:25 in Assamese 25 আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
Ezekiel 36:10 in Assamese 10 আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
Ezekiel 36:37 in Assamese 37 প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই ভেড়াৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
Ezekiel 43:7 in Assamese 7 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তানসকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্ম্মেৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।
Ezekiel 45:1 in Assamese 1 ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠী-খেলেৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
Hosea 2:18 in Assamese 18 মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।
Zechariah 2:5 in Assamese 5 কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।
Zechariah 8:4 in Assamese 4 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
John 14:27 in Assamese 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
2 Corinthians 6:16 in Assamese 16 আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি ঐক্য? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
Hebrews 6:14 in Assamese 14 তেওঁ কৈছিল, “মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম।”
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;