Ezekiel 33:31 in Assamese 31 তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
Other Translations King James Version (KJV) And they come unto thee as the people cometh, and they sit before thee as my people, and they hear thy words, but they will not do them: for with their mouth they shew much love, but their heart goeth after their covetousness.
American Standard Version (ASV) And they come unto thee as the people cometh, and they sit before thee as my people, and they hear thy words, but do them not; for with their mouth they show much love, but their heart goeth after their gain.
Bible in Basic English (BBE) And they come to you as my people come, and are seated before you as my people, hearing your words but doing them not: for deceit is in their mouth and their heart goes after profit for themselves.
Darby English Bible (DBY) And they come unto thee as a people cometh, and they sit before thee [as] my people, and they hear thy words, but they do them not; for with their mouth they shew much love, [but] their heart goeth after their dishonest gain.
World English Bible (WEB) They come to you as the people comes, and they sit before you as my people, and they hear your words, but don't do them; for with their mouth they show much love, but their heart goes after their gain.
Young's Literal Translation (YLT) And they come in unto thee as the coming in of a people, And they sit before thee -- My people, And have heard thy words, and they do them not, For doting loves with their mouth they are making, After their dishonest gain their heart is going.
Cross Reference Deuteronomy 5:28 in Assamese 28 এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
Psalm 78:36 in Assamese 36 কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
Isaiah 28:13 in Assamese 13 সেয়ে তেওঁলোকে গৈ যেন উজুটি খাই চিত হৈ পৰি ভগ্ন হ’ব, আৰু ফান্দত ধৰা পৰিব, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ বাক্য “আজ্ঞাৰ উপৰিও আজ্ঞা, “আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ’ব।”
Isaiah 29:13 in Assamese 13 যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 23:33 in Assamese 33 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
Jeremiah 43:1 in Assamese 1 সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
Jeremiah 44:16 in Assamese 16 তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
Ezekiel 8:1 in Assamese 1 ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।
Ezekiel 14:1 in Assamese 1 ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।
Ezekiel 20:1 in Assamese 1 সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
Ezekiel 22:27 in Assamese 27 অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
Matthew 6:24 in Assamese 24 কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
Matthew 7:24 in Assamese 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
Matthew 13:22 in Assamese 22 কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে, কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তেতিয়া তেওঁ বিফল হয়।
Matthew 19:22 in Assamese 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হ’ল আৰু আতৰি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
Luke 6:48 in Assamese 48 তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
Luke 8:21 in Assamese 21 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
Luke 10:39 in Assamese 39 আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
Luke 11:28 in Assamese 28 কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকহে ধন্য।”
Luke 12:15 in Assamese 15 তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
Luke 16:14 in Assamese 14 এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
Acts 10:33 in Assamese 33 এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ৷”
Ephesians 5:5 in Assamese 5 আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে, যি সকলে অশুচি আৰু যি সকল লোক লুভীয়া (সেই সকল লোকক মূৰ্তিপূজক বুলি কোৱা হয়), তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
1 Timothy 6:9 in Assamese 9 কিন্তু যি সকলে ধনৱন্ত হ’বলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ মূৰ্খ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
James 1:22 in Assamese 22 কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
James 2:14 in Assamese 14 হে মোৰ ভাই সকল, কোনোবাই যদি কয় যে তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?
1 John 3:17 in Assamese 17 কিন্তু যি জনৰ জগতত জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?