Ezekiel 33:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব।
Other Translations King James Version (KJV) Son of man, speak to the children of thy people, and say unto them, When I bring the sword upon a land, if the people of the land take a man of their coasts, and set him for their watchman:
American Standard Version (ASV) Son of man, speak to the children of thy people, and say unto them, When I bring the sword upon a land, and the people of the land take a man from among them, and set him for their watchman;
Bible in Basic English (BBE) Son of man, give a word to the children of your people, and say to them, When I make the sword come on a land, if the people of the land take a man from among their number and make him their watchman:
Darby English Bible (DBY) Son of man, speak to the children of thy people, and say unto them, When I bring the sword upon a land, and the people of the land take one man from among them all, and set him for their watchman:
World English Bible (WEB) Son of man, speak to the children of your people, and tell them, When I bring the sword on a land, and the people of the land take a man from among them, and set him for their watchman;
Young's Literal Translation (YLT) `Son of man, speak unto the sons of thy people, and thou hast said unto them: A land -- when I bring in against it a sword, And the people of the land have taken one man out of their borders, And made him to them for a watchman.
Cross Reference Leviticus 26:25 in Assamese 25 আৰু নিয়মটিৰ উলঙঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।
2 Samuel 18:24 in Assamese 24 সেই সময়ত দায়ূদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।
2 Kings 9:17 in Assamese 17 যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
Isaiah 21:6 in Assamese 6 কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
Isaiah 56:9 in Assamese 9 পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ!
Isaiah 62:6 in Assamese 6 হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
Jeremiah 12:12 in Assamese 12 অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
Jeremiah 15:2 in Assamese 2 আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে: মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ। আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
Jeremiah 25:31 in Assamese 31 পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতিসমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
Jeremiah 47:6 in Assamese 6 হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
Jeremiah 51:12 in Assamese 12 তোমালোকে বাবিলৰ গড়ৰ অহিতে ধ্বজা তোলা, পৰীয়াবোৰক সাহিয়াল কৰোঁৱা, প্ৰহৰী নিযুক্ত কৰা, আৰু গুপুত ঠাইত সৈন্য ৰাখা; কিয়নো যিহোৱাই বাবিল -নিবাসীবিলাকৰ বিষয়ে কোৱা কথা কল্পনা কৰিলে আৰু সিদ্ধও কৰিলে।
Ezekiel 3:11 in Assamese 11 তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তানসকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”
Ezekiel 3:27 in Assamese 27 কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”
Ezekiel 6:3 in Assamese 3 আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
Ezekiel 11:8 in Assamese 8 তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
Ezekiel 14:17 in Assamese 17 বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কও ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোকসমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -
Ezekiel 14:21 in Assamese 21 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।
Ezekiel 21:9 in Assamese 9 “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে: তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।
Ezekiel 33:7 in Assamese 7 এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা।
Ezekiel 33:12 in Assamese 12 আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক কোৱা, ‘ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্ম্মিক জনে পাপ কৰিলে নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।
Ezekiel 33:17 in Assamese 17 তথাপি তোমাৰ জাতিৰ সন্তানসকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়!
Ezekiel 33:30 in Assamese 30 আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তানসকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ-মুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।”
Ezekiel 37:18 in Assamese 18 ‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানবিলাকে যেতিয়া তোমাক সুধিব,
Hosea 9:8 in Assamese 8 মোৰ ঈশ্বৰৰ সৈতে ভাৱবাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ; ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।
Zechariah 13:7 in Assamese 7 “হে তৰোৱাল! তুমি মোৰ ভেড়াৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “ভেড়া-ৰখীয়াজনক আঘাত কৰা, তেতিয়া ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।