Ezekiel 3:19 in Assamese 19 কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
Other Translations King James Version (KJV) Yet if thou warn the wicked, and he turn not from his wickedness, nor from his wicked way, he shall die in his iniquity; but thou hast delivered thy soul.
American Standard Version (ASV) Yet if thou warn the wicked, and he turn not from his wickedness, nor from his wicked way, he shall die in his iniquity; but thou hast delivered thy soul.
Bible in Basic English (BBE) But if you give the evil-doer word of his danger, and he is not turned from his sin or from his evil way, death will overtake him in his evil-doing; but your life will be safe.
Darby English Bible (DBY) But if thou warn the wicked, and he turn not from his wickedness, nor from his wicked way, he shall die in his iniquity; but thou hast delivered thy soul.
World English Bible (WEB) Yet if you warn the wicked, and he doesn't turn from his wickedness, nor from his wicked way, he shall die in his iniquity; but you have delivered your soul.
Young's Literal Translation (YLT) And thou, because thou hast warned the wicked, and he hath not turned back from his wickedness, and from his wicked way, he in his iniquity dieth, and thou thy soul hast delivered.
Cross Reference 2 Kings 17:13 in Assamese 13 যিহোৱাই তেওঁৰ সকলো ভাৱবাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলো, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
2 Chronicles 36:15 in Assamese 15 তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতসকলক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
Proverbs 29:1 in Assamese 1 যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
Isaiah 49:4 in Assamese 4 যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
Jeremiah 42:19 in Assamese 19 হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
Jeremiah 44:4 in Assamese 4 তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য্য নকৰিবা।’
Ezekiel 3:18 in Assamese 18 ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্টলোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
Ezekiel 3:21 in Assamese 21 আৰু ধাৰ্ম্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
Ezekiel 14:14 in Assamese 14 তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
Ezekiel 14:20 in Assamese 20 তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্ম্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
Ezekiel 33:5 in Assamese 5 যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব।
Ezekiel 33:9 in Assamese 9 কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
Luke 10:10 in Assamese 10 কিন্তু কোনো নগৰত সোমালে, সেই নগৰৰ মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, তেনেহলে সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,
Acts 13:45 in Assamese 45 কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
Acts 18:5 in Assamese 5 চীল আৰু তীমথিয় মাকিদনিয়া প্ৰদেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
Acts 20:26 in Assamese 26 এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
2 Corinthians 2:15 in Assamese 15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
1 Thessalonians 4:6 in Assamese 6 এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
2 Thessalonians 1:8 in Assamese 8 যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাৰ আজ্ঞা পালন নকৰে, সেই লোক সকলক তেওঁ জ্বলন্ত অগ্নিত প্রতিশোধ লব।
1 Timothy 4:16 in Assamese 16 তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্রাণ কৰাব পাৰিবা।
Hebrews 2:1 in Assamese 1 এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!