Ezekiel 3:17 in Assamese 17 “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষযে় সাৱধানে থকিবলৈ দিয়া।
Other Translations King James Version (KJV) Son of man, I have made thee a watchman unto the house of Israel: therefore hear the word at my mouth, and give them warning from me.
American Standard Version (ASV) Son of man, I have made thee a watchman unto the house of Israel: therefore hear the word at my mouth, and give them warning from me.
Bible in Basic English (BBE) Son of man, I have made you a watchman for the children of Israel: so give ear to the word of my mouth, and give them word from me of their danger.
Darby English Bible (DBY) Son of man, I have appointed thee a watchman unto the house of Israel, and thou shalt hear the word from my mouth, and give them warning from me.
World English Bible (WEB) Son of man, I have made you a watchman to the house of Israel: therefore hear the word at my mouth, and give them warning from me.
Young's Literal Translation (YLT) that there is a word of Jehovah unto me, saying, `Son of man, a watchman I have given thee to the house of Israel, and thou hast heard from My mouth a word, and hast warned them from Me.
Cross Reference 2 Chronicles 19:10 in Assamese 10 ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
Song of Solomon 3:3 in Assamese 3 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”
Song of Solomon 5:7 in Assamese 7 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
Isaiah 21:6 in Assamese 6 কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
Isaiah 21:8 in Assamese 8 সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মঅই থিয় হৈ থাকো।”
Isaiah 21:11 in Assamese 11 দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
Isaiah 52:8 in Assamese 8 শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।
Isaiah 56:10 in Assamese 10 তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
Isaiah 58:1 in Assamese 1 তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা।
Isaiah 62:6 in Assamese 6 হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
Jeremiah 6:10 in Assamese 10 তোমালোকে শুনিবৰ কাৰণে মই কাৰ আগত কম, আৰু সাক্ষ্য দিম? চোৱা, তেওঁলোকৰ কাণ অচুন্নৎ, তেওঁলোকে শুনিব নোৱাৰে; চোৱা! যিহোৱাৰ বাক্য তেওঁলোকৰ ধিক্কাৰৰ বিষয় হৈছে; তেওঁলোকে তাত একো সন্তুষ নাপায়।
Jeremiah 6:17 in Assamese 17 শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ; কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”
Jeremiah 31:6 in Assamese 6 কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহেৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
Ezekiel 33:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানসকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব।
Habakkuk 2:1 in Assamese 1 মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু মই সাৱধানে পহৰা দিম। আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘূৰিব পাৰো, সেই বিষয়ে মই চাম।
Matthew 3:7 in Assamese 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “বিষক্ত সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হ’ব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
Acts 20:28 in Assamese 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই লোক সকলৰ বাবে সাৱধান হওক, আৰু ঈশ্বৰে নিজে দান কৰা তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
1 Corinthians 4:14 in Assamese 14 মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
1 Corinthians 12:28 in Assamese 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক, তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক, উপকাৰক সকলক, শাসন-পদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে।
2 Corinthians 5:11 in Assamese 11 এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃ্ত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
Colossians 1:28 in Assamese 28 সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
1 Thessalonians 5:14 in Assamese 14 ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Hebrews 13:17 in Assamese 17 আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।