Ezekiel 24:6 in Assamese 6 এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে (মামৰে) ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠী নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
Other Translations King James Version (KJV) Wherefore thus saith the Lord GOD; Woe to the bloody city, to the pot whose scum is therein, and whose scum is not gone out of it! bring it out piece by piece; let no lot fall upon it.
American Standard Version (ASV) Wherefore thus saith the Lord Jehovah: Woe to the bloody city, to the caldron whose rust is therein, and whose rust is not gone out of it! take out of it piece after piece; No lot is fallen upon it.
Bible in Basic English (BBE) For this is what the Lord has said: A curse is on the town of blood, the cooking-pot which is unclean inside, which has never been made clean! take out its bits; its fate is still to come on it.
Darby English Bible (DBY) Therefore thus saith the Lord Jehovah: Woe to the bloody city, to the pot whose rust is therein, and whose rust is not gone out of it! Bring it out piece by piece; let no lot fall upon it:
World English Bible (WEB) Therefore thus says the Lord Yahweh: Woe to the bloody city, to the caldron whose rust is therein, and whose rust is not gone out of it! take out of it piece after piece; No lot is fallen on it.
Young's Literal Translation (YLT) Therefore, thus said the Lord Jehovah: Wo `to' the city of blood, A pot whose scum `is' in it, And its scum hath not come out of it, By piece of it, by piece of it bring it out, Not fallen on it hath a lot.
Cross Reference Joshua 7:16 in Assamese 16 পাছত যিহোচূৱাই ৰাতিপুৱাতে উঠি ইস্ৰায়েলক নিজ নিজ জনগোষ্ঠী অনুসাৰে মাতি আনিলে; তাতে যিহূদা জনগোষ্ঠী ধৰা পৰিল।
Joshua 10:22 in Assamese 22 পাছত যিহোচূৱাই আজ্ঞা কৰিলে, “বোলে, তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি, তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহাঁ।”
1 Samuel 14:40 in Assamese 40 পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
2 Samuel 8:2 in Assamese 2 তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
2 Kings 21:16 in Assamese 16 তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নির্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
2 Kings 24:4 in Assamese 4 আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
Jeremiah 6:29 in Assamese 29 ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে; লোকে মিছাকয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।
Ezekiel 9:5 in Assamese 5 তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
Ezekiel 11:6 in Assamese 6 তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।
Ezekiel 11:11 in Assamese 11 এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।
Ezekiel 22:2 in Assamese 2 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
Ezekiel 22:6 in Assamese 6 চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
Ezekiel 22:12 in Assamese 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Ezekiel 22:27 in Assamese 27 অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
Ezekiel 23:37 in Assamese 37 কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তানসকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!
Ezekiel 24:9 in Assamese 9 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম!
Ezekiel 24:11 in Assamese 11 তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালিকৈ বহোৱা!’
Joel 3:3 in Assamese 3 তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠী খেলালে, ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ল’লে, আৰু ছোৱালীক বিক্রী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
Obadiah 1:11 in Assamese 11 সেই দিনা তুমি আঁতৰি থাকিবা, আৰু অচিনাকী লোকে তেওঁৰ ধন-সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁৰ দুৱাৰত প্রবেশ কৰি, যিৰূচালেমৰ বাবে চিঠী খেলাব, আৰু তেওঁলোকৰ দৰে তুমিও এজন হ’বা।
Jonah 1:7 in Assamese 7 তাৰপাছত তেওঁলোকে এজনে আনজনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।
Micah 7:2 in Assamese 2 পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
Nahum 3:1 in Assamese 1 পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
Nahum 3:10 in Assamese 10 তথাপি তাইক (থিব্চক) নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠী খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
Matthew 23:35 in Assamese 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
Revelation 11:7 in Assamese 7 তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰিব, যুদ্ধ কৰি তেওঁলোকক জয় কৰিব, আৰু তেওঁলোকক বধ কৰিব।
Revelation 17:6 in Assamese 6 সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
Revelation 18:24 in Assamese 24 ভাৱবাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”